পৃষ্ঠা:গুৰুচৰিত.djvu/১৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
দ্বিতীয় খণ্ড

কুসুমেয়ো ভাৰ্য্যা সমে দণ্ডৱতে পৰি।
শঙ্কৰৰ কল্যাণ সাধস্ত তুতি কৰি॥ ৫৩৯
পৃথিবীত পৰি পৰি দেৱীক প্ৰণামি।
হুয়ো দশভুজা তুষ্ট বৰ মাগো আমি॥
তুষ্ট হুয়া দশভুজা অগ্নিত উঠি্লা।
ভাৰ্য্যা স্বামী কুসুমেয়ো তাহাক দেখিলা॥৫৪০
পৰম তৃপিতি হুয়া বোলে তুতি নতি।
পুত্ৰ্ৰ্ৰৰ কল্যাণ হৌক কৰোহে প্ৰণতি॥
এহিমতে থাকিলা কুসুম মহামতি।
সভাৰ বৃত্তান্ত কহো শুনিয়ো সম্প্ৰতি॥ ৫৪১
সূৰ্য্যবৰে বুলিলন্ত কুসুমক চাই।
চাউল কল সাজ বস্তু দিয়োক বোপাই॥
জয়ন্ত মাধৱ দুয়ো বসি আছা তথা।
তাৰা দুয়ো কহিলন্ত কুসুমত কথা॥ ৫৪২
ব্ৰাহ্মণসষক তুমি কৰা আগে দান।
ভূঞা জ্ঞাতি বান্ধৱক পাচে ধৰা যান॥
সূৰ্যবৰে বোলে মোৰ কথা্ক শুনি্য়ো।
নৰোত্তম গুৰু আগে অৰ্চ্চনা কৰিয়ো॥ ৫৪৩
পঞ্চসেৰ ঘৃতে যজ্ঞ কৰিলন্ত সাঙ্গ।
ব্ৰাহ্মণক দিলা দান বকতৰ গাঙ্গ॥
তাসম্বাৰ কথাক কুসুমে আনুমানি।
জলপাত্ৰ সুৱৰ্ণৰ দিলন্ত তাঙ্ক আনি॥৫৪৪