পৃষ্ঠা:গুৰুচৰিত.djvu/১২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
গুৰু-চৰিত

ছদ্ম-ৰুপে আছা প্ৰভু কুসুম্বৰ ঘৰে।
ছয় দিন কৰ্ম্ম আৰো শুনা অনন্তৰে॥
একদিনা সত্যসন্ধ্যা খাটত শুৱাই।
মহা ৰঙ্গে আছে সতী পুত্ৰ মুখ চাই॥৫০১
চন্দৰী মাধাই বসি আছয় তথাত।
এক বিপৰীত প্ৰভু দেখাইলন্ত তাত॥
তুলি এক খানি তাতে আৰো গাণ্ড পাটি।
তাৰ হন্তে বাগৰিয়া পৰিলন্ত মাটি॥৫০২
ভৰি আছাৰিয়া দেখে শঙ্কৰে কান্দিল।
চৰণ লাগিয়া খাট উভৰি পৰিল॥
সত্যসন্ধ্যা, মাধৱী, চন্দৰী আছে চাই।
কিনো কথা দেখিলোহোঁ বোলে মোৰ নাই॥৫০৩
ছয় মুনিষেসে খাট দাঙ্গিবে পাৰয়।
চৰণৰ প্ৰহাৰত বাগৰি পৰয়॥
তাসম্বাৰ আটাস শুনিয়া তেতিক্ষণ।
ত্ৰাস হুয়া লৱৰি আসিল লোকজন॥৫০৪
চতুৰ্ভুজ কৰ্ণপুৰ বুঢ়াখায়ে গৈলা।
কি ভৈল কি ভৈল বুলি পুছিবাক লৈলা॥
সত্যসন্ধ্যা, চন্দৰী, মাধৱী কথা কৈলা।
উলটিয়া খাট দেখে পৰি আছে তথা॥ ৫০৫
হেন দেখি সবাহাৰে কম্পমান তনু।
পূৰ্ব্বৱতে খাটক তু্লিলা গৈয়া পুনু॥