পৃষ্ঠা:গুৰুচৰিত.djvu/১২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
দ্বিতীয় খণ্ড

এতেকে জানিবা সাধুৰ সঙ্গেসে
ভকতি সুখৰ পন্থ।
ভকতৰ চিত ভকতিসে জানা
কহে ভাগৱত গ্ৰন্থ॥
গৃহবাস বন্দী বন্দীশালা ঘোৰ
আছে মোহ পাশে চান্দি।
ঘোৰ নৰকত যমৰ যাতনা
গুঞ্জাইবেক দুতে বান্ধি॥৪৯৩
ইটো পুত্ৰ ধন আত মোৰ মন
বশি হুয়া পৰি ৰৈলোঁ।
তোমাৰ চৰণে নভৈল ভকতি
পাপী অধোগতি গৈলোঁ॥
সংসাৰ সাগৰে তল গৈলো নাথ
তোমাৰ ভকতি এৰি।
নিবে বম ঘৰে দাৰুণ কিঙ্কৰে
গলত লগায়া জৰী॥৪৯৪
এবে কৃপাময় হুয়োক সদয়
চৰণে কাকুতি কৰোঁ।
দিয়ো উপদেশ হে হৃষীকেশ
হেনবা পাপী নিস্তৰো॥
পতিত পাৱন তুমি গুৰু বিনে
মোহোৰ বান্ধৱ নাই।