পৃষ্ঠা:গুৰুচৰিত.djvu/১১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
দ্বিতীয় খণ্ড

নৌকা এক খানি সাজিলন্ত আৰো
তাক ওচৰতে থৈল।
বহুতৰ পানী ঢালি গাত খানি
উৰুলি মঙ্গল কৈল॥৪৬৫
কলসে কলসে দধি দুগ্ধ যত
থৈলা তাকে শাৰী শাৰী।
অসংখ্যাত লোক বেঢ়িয়া তথাত
আছে পাত পাৰি পাৰি॥
আখৈ লাৰু গুণ্ডি জালুক জৱনি
দিলা লোণ তাত ভৰি।
কুসুমক চাই সণ্ঢৰা দলই
বুলিলন্ত হাস্য কৰি॥৪৬৬
ইটো বস্তু জাত বাজক আনিয়ো
পূৰিয়া লোকৰ মন।
শুনিয়া তেখনে পাঞ্চিলা কুসুমে
বহুতৰ লোকগণ॥
শুনি আথে বেথে উঠিলেক সবে
কঙ্কালত বস্ত্ৰ বান্ধি।
মহা ৰঙ্গ মনে আনিলা তেখনে
লোক ৰস মায়া সান্ধি॥৪৬৭
তৈল হৰিদ্ৰাক বেলাত কৰিয়া
দিলা আবে বাছি বাছি।