পৃষ্ঠা:গুৰুচৰিত.djvu/১১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
দ্বিতীয় খণ্ড

কুসুম বদতি দলৈ সণ্ঢৰাক
মাতিলত হাসি হাসি।
শাস্ত্ৰ বিধি চাই গণিয়ো আটাই
ইটো বালকৰ ৰাশি॥
হেন শুনি পাচে সণ্ঢাৰ দলৈয়ে
বুলিলা মনত গুণি।
গণিবোহো আৰ শুনিয়োক তাক
চাযা থাকো কতো খানি॥৪৬০
লাগিল ধিয়ান নভাসয় আন
যত সমজ্যাৰ লোক।
পৰম সুন্দৰ ৰূপ মনোহৰ
তাক আবে শুনিয়োক॥
সবাৰো মধ্যত শুতিয়া আছস্ত
মহা দিব্য আসনত।
মোহ হুয়া সবে চাহিয়া আছন্ত
মিলিলা ৰঙ্গ মনত॥৪৬১
সিংহবন্ধ স্কন্ধ চৰণ সুঠাম
গম্ভীৰ নাভি কমল।
জা্নু জঙ্ঘা উৰু ৰুটি মনোহৰ
সুদীৰ্ঘ হৃদি কোমল॥
ৰাতুল কমল মুখ-পদ্ম পুষ্প
না্সিকা ৰুচিৰ কান্তি।