পৃষ্ঠা:গুৰুচৰিত.djvu/১০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
দ্বিতীয় খণ্ড

চান্দৰী মাধৱী শুতি আছন্ত তথাতে।
কি ভৈল কি ভৈল বুলি উঠিল ত্বৰিতে॥৪৩৫
বিস্ময় দেখিয়া সবে কৰে মাতামাতি।
মহা ৰঙ্গে চাহি আছে জগতৰ পতি॥
কাণাকাণি কৰি কথা কহে লাসে লাসে।
সবেও বসিলা পাচে শঙ্কৰৰ পাশে॥ ৪৩৬
যত বন্ধু বান্ধৱ সমস্তে আসিলন্ত।
হেন দেখি প্ৰভু সিটো ৰূপ ঢাকিলন্ত॥
সত্যসন্ধ্যা আই সবে কহিলন্ত কথা।
বুঢ়াখাঁক আদি ভক্ত বসি আছে তথা॥৪৩৭
সমস্তৰে শুনিয়া হৰিষ ভৈল মন।
কুসুমে দলৈক প্ৰশংসিলা ঘনে ঘন॥
বালক ক্ৰীড়াৰ কথা শুনা সৰ্ব্বজন।
গুৰুৰ চৰিত্ৰ ইটো মহা বিতোপন॥৪৩৮
যিটো জনে আক একচিত্তে পান কৰে।
তাৰিবেক নিষ্টে নিষ্টে কৃপালু শঙ্কৰে॥
গোকুলত লীলা যেন ভৈল মাধৱৰ।
তেহ্নমাত্ৰ লীলা ইটো দেৱ শঙ্কৰৰ॥৪৩৯
অমৃততোধিক ইটো গুৰুৰ চৰিত্ৰ।
স্মৰণ মাত্ৰকে কৰে তেখনে পৱিত্ৰ॥
যাৰ মহিমাৰ ব্ৰহ্মা হৰে নপাই পাৰ।
যায় বাঞ্ছা তাকে লাগি পাপীৰ আমাৰ॥৪৪০