পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গুণ-মালা

কৰি পৰাভৱ
ভকত বান্ধৱ
কৰি অবিচ্ছেদ
খণ্ডিলাহা খেদ
জগতক বশ্য
ভৈলা মহা মৎস্য
তুমি মহা হংস
হুয়া যদুবংশ
জগত নিশেষ
ভৈল হৃষীকেশ
তুমি পীতাম্বৰ
বধিলা সম্বৰ
তুমিসি অচ্যুত
ভকত বহুত
ধৰি মৎস্য কায়
প্ৰলয় আপায়
কূৰ্ম্ম কলেৱৰ
মথিলা সাগৰ
বৰাহ শৰীৰি
হিৰণ্যাক্ষ বীৰি

   

খেদাইলা দানৱ।
তুমিসি মাধৱ॥
দৈত্য কৰি ভেদ।
উদ্ধাৰিলা বেদ॥
কৰিলা অৱশ্য।
ব্ৰহ্মাৰ নমস্য॥
আসি নিজ অংশ।
বধিলাহা কংস॥
সৱাতো প্ৰৱেশ।
নজানি উদ্দেশ॥
কৰি আড়ম্বৰ।
প্ৰভু বিশ্বম্ভৰ॥
আনন্দে আপ্লুত।
কৰিলা মুকুত॥
সত্যব্ৰত ৰায়॥
তাবিলা লীলায়।
ধৰিলা মন্দৰ॥
নভৈলা ভাগৰ॥
পৃথিৱী উদ্ধাৰি।
মাৰিলাহা ছিৰি॥