পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গুণ-মালা

অগতিৰ গতি
তোহ্মাত ভকতি
শ্যামল শৰীৰ
গহীন গম্ভীৰ
কুণ্ডলে মণ্ডিত
পাতেক খণ্ডিত
দাৰিদ্ৰ মৰ্দ্দন
বংশী বদন
হাস্য দৰিশন
দোষ মৰিষণ
জগত আধাৰ
সংসাৰতে সাৰ
তুমি ভগৱন্ত
তাৰিলাহা সন্ত
তুমি সুবৎসল
নাহি কিছো ছল
তুমি অৱতৰি
সৃষ্টি আছা ধৰি
অঘাসুৰ ঘালি
দমিলাহা কালি

   

ত্ৰিজগত পতি।
থাকোক সম্প্ৰতি॥
জলদ ৰুচিৰ।
গুণেৰ মন্দিৰ॥
অসুৰ দণ্ডিত।
তুমিসি পণ্ডিত।
কৰুণা সদন।
মূৰুতি মদন॥
পাপ কৰিষণ।
কাম বৰিষণ॥
দৈৱকী কুমাৰ।
চৰণ তোহ্মাৰ॥
মহিমা অনন্ত।
পুৰুষ মহন্ত॥
পুৰুষ নিশ্চল।
ভকত বৎসল॥
অসুৰ সংহৰি।
দেৱ শ্ৰীহৰি॥
মহাবলশালী।
তুমি বনমালী॥