পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
গুণ-মালা

কৰি চিত্ত থিৰ।
প্ৰভাসৰ তীৰ
কৃষ্ণে স্নানি জলে
বসিলা একলে
পীত বসন
হসিত বয়ন
খচিত কনক
কুটিল অলক
মুকুট মাথাত
শ্ৰীবৎস হিয়াত
মকৰ কুণ্ডল
চাৰু কম্বুগল
হিয়ে হেম হাৰ
দিব্য মুকুতাৰ
বনমালা গলে
মধু মধুকৰে
কনকে গঠিত
জঙ্ঘা সুবলিত
চৰণ কমল
আতি সুকোমল

   

ৰাম মহাবীৰ।
তেজিল শৰীৰ॥
অশ্বত্থৰ তলে।
তনু আতি জ্বলে॥
ৰুচিৰ দশন।
কমল নয়ন॥
ৰত্নৰ তিলক।
শোভে কপোলক।
ৰঞ্জে কেশ তাত॥
চাৰু চাৰি হাত।
শোভে গণ্ডস্থল।
কৌস্তুভে উজ্জ্বল॥
ৰত্নে জাতিস্কাৰ।
ৰঞ্জে অলঙ্কাৰ॥
আতি জ্যোতি কৰে।
পৰিয়া গুঞ্জৰে॥
মেখলা কটিত।
হোড়ৰে জড়িত॥
নূপুৰে উজ্জ্বল।
ৰঙ্গা পদতল॥