পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দাৰিদ্ৰ্য ভঞ্জন
ভকত ৰঞ্জন
জনকৰ ঘৰ
নৃপতি বিস্তৰ
শ্ৰুতদেৱ যাই
চৰণক চাই
কৰিলন্ত তুতি
গুণ নামে গতি
জানো নিৰন্তৰ
থাকন্তে অন্তৰ
শ্ৰৱণ কীৰ্ত্তন
তাতেসে প্ৰসন্ন
ভকতি বিনয়
মনৰ নিশ্চয়
কহিলন্ত পথ
দ্বাৰকাৰ পথ
কোন পথ সন্ত
শুনিয়া মহন্ত
শুনা নৃপবৰ
ভকতিত পৰ

   

পাতক গঞ্জন।
দেৱ নিৰঞ্জন॥
গৈলা দামোদৰ।
কৰিলা সাদৰ।৷
মাধৱক পাই।
অৰ্চ্চিলা সদায়৷৷
তযু যদুপতি।
জানিলো সম্প্ৰতি।
কৰ্ম্মীৰ মনৰ।
হোৱা দামোদৰ।৷
কৰে যিটো জন।
হোৱা নাৰায়ণ৷৷
শুনি কৃপাময়।
গুচাইলা সংশয়৷৷
পূৰি মনোৰথ।
চলাইলন্ত ৰথ৷৷
ৰাজা পুছিলন্ত।
শুকে কহিলন্ত৷৷
বেদৰ উত্তৰ৷
জানা সাৰতৰ৷৷