মাধৱে দেখিলা।
বাণক ৰাখিলা॥
এৰিলেক যুদ্ধ।
উষা অনিৰুদ্ধ॥
দ্বাৰকাক আইলা৷
বাজন বজাইল॥
ব্ৰজত ক্ৰীড়িলা।
যমুনা আনিলা॥
উপদ্ৰৱ কৰে৷
দেৱ হলধৰে॥
বলোৰ হাতত৷
ৰুক্মি ভৈলা হত॥
কৰ্ম্মক প্ৰচাৰি৷
সুত থৈলা মাৰি॥
বল্বল অসুৰ৷
নিলা যমপুৰ॥
পুৰুষ পুৰাণ৷
কৰিলা পয়াণ॥
দেখি মহাবল।
ভেজাইলা লাঙ্গল॥