পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
গুণ-মালা

প্ৰভাতে ৰজনী
ৰাম কৃষ্ণ শুনি
দ্বাৰৰ ওচৰ
দেখিয়া কুঞ্জৰ
কৃষ্ণে তাক পাৰি
মাৰিলন্ত বাৰী
স্কন্ধে হস্তীদন্ত
শোভে লক্ষ্মীকান্ত
চন্দ্ৰৰ মণ্ডল
তাতে ঘৰ্ম্মজল
ৰূপৰ সম্পত্তি
নাহিকে তৃপতি
আইল যুজো বুলি
আছাড়িয়া তুলি
মুষ্টিক ধৰিল
ৰামে সংহৰিল
আনো যত মাল
ধৰি তত কাল
বজাৱে বাজন
সঙ্গে শিশুগণ

   

 দুন্দুভিৰ ধ্বনি।
লৰিলা আপুনি॥
পাইলা যদুবৰ।
ভেটিলা সত্বৰ॥
দশন উৎপাৰি।
প্ৰাণ গৈলা ছাৰি॥
সভা পশিলন্ত।
ৰঙ্গে লোকে চান্ত॥
বদন বিমল।
ৰঞ্জে গণ্ডস্থল॥
চানুৰে হাম্ফুলি।
মাৰিলা সমূলি॥
সমৰ কৰিল
লীলায়ে মৰিল॥
কৰয় আস্ফাল।
বধিলা গোপাল॥
ৰঙ্গে নাৰায়ণ।
কৰন্ত ভ্ৰমণ॥