পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
গুণ-মালা


অৰিষ্ট অসুৰ
তাক কৰি চূৰ
কেশী দানৱ
শুনিয়া গলাৰৱ
গোকুলত পশি
কৃষ্ণক পৰশি
ময়ৰ তনয়
কৰিয়া দুৰ্ণয়
নাৰদেও আসি
বচন প্ৰকাশি
কংসে পাঞ্চিলা
ভকতি সাঞ্চিল
কৃষ্ণ খোজচয়
ভৈলন্ত বিস্ময়
ৰোম সিহৰি
কৃষ্ণ কৃষ্ণ ৰড়ি
অনন্তৰে গৈয়া
প্ৰেম উপজিয়া
গাৱত পৰিল
প্ৰণতি কৰিল

   

আইলা গোপপুৰ।
নিলা যমপুৰ॥
কৰি পৰাভৱ।
ধাইলন্ত মাধৱ॥
কৰি ধসমসি৷
সিয়ো গৈল নশি॥
ব্যোম দুৰাশয়৷
গৈলা যমালয়॥
কৃষ্ণক উপাসি।
গৈলন্ত সম্ভাষি॥
অক্ৰূৰে বাঞ্চিলা।
চেতন নাছিল॥
দেখি মহাশয়।
নসহে হৃদয়॥
ঝাম্প দিয়া পৰি।
ফুৰন্ত বাগৰি॥
কৃষ্ণক দেখিয়া।
দ্ৰৱ ভৈল হিয়া॥
লোতক ঝৰিল।
মাধৱে ধৰিল॥