পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গুণ-মালা


ঘোষা

হৰি হৰি ৰাম।  হৰি হৰি ৰাম।

পদ

নমো লক্ষ্মীপতি
চৰণে সম্প্ৰতি
গুণ চিন্তামণি
পাপৰ অগনি
ইতি বিতোপন
আকাশে কীৰ্ত্তন
শুনিয়ো দশম
কৃষ্ণৰ পৰম
দৈত্য ভিড়িল
দুখ সাক্ষী দিলা
ব্ৰহ্মায়ে প্ৰাৰ্থন্তে
জন্মিলা জলন্তে
অদ্ভুত বালক
ৰত্নৰ তিলক
হসিত বয়ন
ৰুচিৰ দশন

   

অগতিৰ গতি
কৰিলো প্ৰণতি॥
সংসাৰ তৰণী।
ঘুষিয়োক ছানি॥
ধৰ্ম্ম সনাতন।
কৰে সাধুজন॥
আতি নিৰুপম।
জনম কৰম॥
ভাৰে পীড়িল।
পৃথিৱী কান্দিল॥
আসি ভগৱন্তে।
দৈৱকীত হন্তে॥
কুটিল অলক।
শোভে কপোলক॥
কমল নয়ন।
পীত বসন॥