পৃষ্ঠা:গীতাসাৰ.pdf/৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩৬
গীতাসাৰ
 
 

স্বপ্ৰকাশশীল। তুমি মােৰ এই অলৌকিক ৰূপলৈ(১) চোৱাঁ, দেখিবাঁ জগতৰ বস্তুবোৰে( ভূতগণে) মোত্ স্থিতি কৰা নাই; মই মাখােন ইতিপুৰ্ব্বতে কৈ অহা মায়াজনিত ভুতধাৰক আৰু ভুতপালকৰূপে বিদ্যমান আছোঁ । অর্থাৎ, পৰমাত্মা স্বমহিমাত প্রতিষ্ঠিত, আৰু ভগৱান একোৰে আধাৰ নহয়; কোনাে বস্তুতে তেওঁ অধিষ্ঠান নকৰে, তেওঁ নির্লিপ্ত। পদ্মপত্ৰ আৰু পানীৰ যি সম্বন্ধ, ভূতধাৰক ভুতপালক ভগৱন্ত আৰু ভূতৰ মাজত সেই সম্বন্ধ। (২)

 “আকাশতে বেগৱান বায়ুৰ স্থিতি; কিন্তু আকাশৰ নির্লিপ্ততা গুণ হেতুকে বায়ুৰ লগত আকাশ লৰি নুফুৰে। সেই অনুৰূপে, ভূত সমষ্টিয়ে পৰমাত্মাত অৱস্থিতি কৰিছে যদিও, পৰমাত্মা সৰ্ব্বতিকাল নিৰ্লিপ্ত আৰু স্বতন্তৰীয়া ভাৱে আছে।” (৩)
 ইমানলৈকে সৃষ্টিস্থিতি বিষয়ক পৰমার্থতত্ত্বজ্ঞান দান কৰাৰ পাচত, ভগৱান শ্রীকৃষ্ণই প্রলয়তত্ত্বজ্ঞান দিয়াৰ উদ্দেশে তন্ময়চিত্তে অৰ্জ্জুনক এই বুলি সম্বোধন কৰিলে, “হে কুন্তীনন্দন ! ইয়াৰ আগেয়ে কৈ অহা হৈছে যে, মোৰ (পৰব্ৰহ্মৰ) মায়াৰপৰাই জগৎ প্রকাশিত হৈছে; জগৎ বিনষ্ট হলে, অর্থাৎ প্রলয় কালত, জগতৰ সকলো বস্তু মােৰ

————————————————————————————————————————————————————————————————————————

 (১) অৰ্জ্জুন কৃষ্ণভাবত ক্ৰমাৎ তন্ময় হৈ অহা দেখি জগন্মোহনৰূপী তত্ত্বজ্ঞানী ভগৱান বাসুদেৱে পৰমাত্মাৰ স্বপ্ৰকাশ আত্মদেহত নিৰ্দ্দেশ কৰিছে। কৃষ্ণপ্রাণ অৰ্জ্জুনে কৃষ্ণতে পৰমাত্মাৰূপ দর্শন কৰা দেখি, ভগৱান শ্রীকৃষ্ণই অতঃপৰ পৰমাত্মা নামে যখানিবলগীয়া সৰ্ব্ববিষয়তে 'মাং' 'ময়া', 'মে', 'মমাত্মা' ইত্যাদি শব্দেৰে আত্মনিৰ্দ্দেশ কৰিছে ৷
 (২) গীতা, নৱম আধ্যা, ১-৫ শ্লোকৰ সংযোগব্যাখ্যা ৷
 (৩) গীতা,নৱম আধ্যা,৬ষ্ঠ শ্লোক ৷