পৃষ্ঠা:গীতাসাৰ.pdf/৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯। আধ্যা হয় আৰু প্ৰতিকুল পদাৰ্থত ধেষ জন্মে। ইয়াকে যােগমায়া বলা যায় । প্রাণীমাত্রকেই মায়াত মুগ্ধ ; কিন্তু জন্ম-জন্মান্তৰৰ সঞ্চিত পুণ্যৰাশিৰ গুণত যিবিলাক পাপৰপৰা মুক্ত হৈছে, সিবিলাকৰ সেই মায়া-মােহ ক্ৰমাৎ অপনীত হলে সিবিলাকৈ পৰমাত্মাক আৰাধন কৰে। যি সকলে কামনা সিদ্ধিকপ ফলৰ প্রতি দৃষ্টি নাৰাখি কেৱল মুক্তির অর্থেই সাধনা বা উপাসনাদি কল্লে, সিবিলাকে সগুণব্ৰহ্মৰ আশ্রয় নললে সাধনা সিদ্ধ নয়; অথচ তিগুণব্রহ্ম সিবিলাকৰ উপাসনাৰ অতীত। যিবিলাকে অধিভূত, অধিদৈব আৰু অধিষজ্ঞৰে সৈতে মােক চিন্তা কৰে, সিবিকে শৰণকাৰতো মােৰ কৃপা লাভ কৰে। কাৰণ, ভগবদ্ভুক্ত অজ্ঞান, অচেতন, মুচ্ছিত অৱস্থাতো ভগবদ্ভাবভ্রষ্ট নহয়। অর্থাৎ, অন্তিম কালত ইদ্রিয়বিলাক অৱশ হৈ আহে, কাৰ্যকৰী শক্তিহীন হৈ পৰে । তাৰ লগে গে মন নিস্তেজ হৈ অভিভূত হবলৈ ধৰে । সেই সময়ত ভগৱৎ কথা শুনিবলৈ আৰু ভগবদানুবাণী হবলৈকে শক্তিৰ নাটনি পৰে। তেনে আসন্ন অৱস্থাত ভকতবৎসল ভগৱানে আপােনা- আপুনি মৃত্যুমুখী ভক্তৰ হৃদয়ত থিত, দিয়ে।” (১} ১) পী, ৭ , ২ ।