পূৰ্ব্ববৰ্তী আধ্যাতে ভগৱদ্ভক্তি পন্থাৰ যি সূচনা কৰা হৈছে, সেই ভক্তিমাৰ্গেদি ক্ৰমাৎ আগ বাঢ়ি পৰমাত্মা-তত্ত্বজ্ঞান কি উপায়েৰে লাভ কৰিব পাৰি তাৰ বিশদ ব্যাখ্যা দিয়াৰ উদ্দেশ্যে ভগৱান শ্রীকৃষ্ণই এই বুলি অৰ্জ্জুনক সম্বোধন কৰিলে, “হে পার্থ ! তুমি পৰমেশ্বৰত একান্ত আসক্তচিত্ত, আৰু তুমি মােৰ নিতান্ত শৰণাগত; এতেকে পূৰ্বোক্ত যোগাভ্যাস কৰি তুমি নিঃসংশয়কৈ সৰ্ববিভূতিসম্পন্ন পৰমাত্মাক কি
প্ৰকাৰে জানিবাঁ, তাক ভাঙ্গি কওঁ শুনাঁ(১); অর্থাৎ পূর্বোক্ত যােগাভ্যাসত কোনো প্রকাৰৰ বিসঙ্গতি ঘটিলে তুমি পৰমাত্মাক নাজানিবগৈও পাৰাঁ, সেই কাৰণে সেই পৰমাত্মা তত্ত্বজ্ঞানৰ বিশদ ব্যাখ্যা
দিওঁ, শুদ্ধচিত্তেৰে গ্ৰহণ কৰাঁ (২)।
ভগৱান শ্রীকৃষ্ণই ক্ৰমাৎ ব্যাখ্যা দীঘলাবলৈ ধৰিলে, “মই এতিয়া তােমাক যি সাধন ফলাদিৰ ব্যাখ্যাৰে সৈতে জ্ঞান-বিজ্ঞানৰ(৩) তত্ত্ব ব্যাখ্যা
————————————————————————————————————————————————————————————————————————
(১)ভগৱানৰ কেনেকুৱা স্বৰূপ আৰাধনা কৰিব লাগে, আৰু কি নিয়মে ভগৱন্তত মন নিবিষ্ট কৰাৰ বিধি, সেই বিষয়ে তত্ত্বজ্ঞানী ভগৱান শ্ৰীকৃষ্ণই মনেজানি প্ৰিয়শিষ্য অৰ্জ্জুনক জ্ঞান দিবলৈ আগ বাঢ়ে ৷
(২) গীতা, ৭ম আধ্যা, ১ম শ্লোক ৷
(৩) পৰমেশ্বৰক অদ্বিতীয় পূৰ্ণব্ৰহ্ম স্বৰূপে উপলব্ধি কৰাৰ নাম “জ্ঞান”; আৰু শ্ৰৱন, মনন, বিচাৰাদিৰ দ্বাৰাই আত্মাত পৰমাত্মাক অনুভৱ কৰাৰ নাম “বিজ্ঞান” ।