পৃষ্ঠা:গীতাসাৰ.pdf/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২২
গীতাসাৰ
 
 

শাস্ত্ৰবিহিত অনুষ্ঠানকাৰী (১) লােকৰ কোনাে দুর্গতি নহয় । যােগভ্ৰষ্ট লোকে পৰলোকত পুণ্যাত্মাৰ স্থান লাভ কৰি, তাতে বহুকাল স্থিতি কৰি, পুনঃ পৃথিবীত পৱিত্ৰ শ্ৰীমন্তৰ ঘৰত জন্মগ্রহণ কৰে। বিষয়-বাসনাৰ বশৱৰ্ত্তী হৈ মনোবৈকল্যত যােগভ্রষ্ট হােৱাৰ ইমানেই পৰিণাম ।

নাইবা, যােগভ্রষ্ট লোকে পৃথিবীত যোগনিষ্ঠ জ্ঞানী লোকৰ ঘৰত জন্মগ্রহণ কৰিব লগীয়া হয়; এনে জন্ম অতি দুৰ্ল্লভ ৷ অল্পায়ু বা অকালমৃত্যু হেতুকে যাৰ যোগসিদ্ধি নােহাৱাকৈ বয়, তেনে যােগ ভ্ৰষ্টৰ পৰিণাম এই। আৰু, হে কুৰুনন্দন! যােগভ্রষ্ট লােকে পৃথিবীত পুনৰপি জন্মগ্রহণ কৰিলে তেওঁৰ পূৰ্ব্বকৃত জ্ঞানসাধিনী বুদ্ধি পুনঃ লাভ হয়, আৰু সিমানৰেপৰা পুনৰপি মুক্তিৰ অৰ্থে যত্ন কৰে; তেওঁ আকৌ উলটি গুৰিৰপৰা জ্ঞানসাধনা কৰিব লগীয়া নহয় । যােগভ্রষ্ট লােকৰ পুৰ্বাভ্যাসৰ গুণত স্বভৱতে প্রবৃত্তি জন্মে । জন্মজন্মান্তৰীয় পুণ্যফলৰ বলত ক্ৰমাৎ সাধনা পকি উঠিলে যােগভ্রষ্ট পুণ্যাত্মাই শেহান্তৰত নিজাপিকৈ মুক্তিলাভ কৰে।”(২)

 শেহান্তৰত, ভগৱান শ্রীকৃষ্ণই এই বুলি ভক্তিযোগ অবাৰিত বুজনি দিলে, “মােৰ মনেৰে তত্ত্বজ্ঞানী যােগী তপস্বীতকৈও শ্রেষ্ঠ, পৰোক্ষ-জ্ঞানীতকৈও শ্রেষ্ঠ, কৰ্ম্মীতকৈও শ্রেষ্ঠ। এতেকে, হে অৰ্জ্জুন ! তুমি তত্ত্বসাধক যোগী হােৱাঁ; আৰু ইয়াকো মনত ৰাখিবাঁ যে, যি যােগীয়ে ভগৱদ্ভক্তিপৰায়ণ হৈ তন্ময় চিত্তেৰে ভগৱন্তক আৰাধনা কৰে, সেই যােগী সবাতােকৈ শ্রেষ্ঠ । এতেকে, হে পাণ্ডৱ । তুমি ভক্তিযােগৰ নিৰ্ম্মল পথৰ পথিক হােৱাঁ।”(৩)

————————————————————————————————————————————————————————————————————————

 (১) শ্রদ্ধা, সত্য, ব্রহ্মবিচাৰ আৰু সন্ন্যাস এই চাৰিটা শাস্ত্রবিহিত অনুষ্ঠান।

 (২) গীতা, ৬ষ্ঠ আধ্যা, ৪০-৪৫ শ্লোক ।

 (৩) গীতা,৬ষ্ঠ আধ্যা, ৪৬-৪৭ শ্লোক ৷