“যি যোগীয়ে জগতৰ সকলো বস্তুতে আত্মৰূপ ভগৱানক দেখা পায়, তাক আত্মাত সকলােকে দেখে, সেই যােগৰ ওচৰত পৰমাত্মা পৰোক্ষ নহয়; পৰমাত্মাৰ ওচৰতো সেই যোগী পৰােক্ষ নহয় । যি যােগীয়ে সর্ব্বভূতস্থিত বা সকলাে জীৱতে ব্যাপ্ত পৰমাত্মাক আপোনাত অভিন্নভাৱে ধাৰণা কৰি অপৰােক্ষ জ্ঞান কৰে, সেই যােগী যি অৱস্থাতে নাথাকক, তেওঁ অভেদৰূপে পৰমাত্মাত স্থিতি কৰে। হে অৰ্জ্জুন ! যি মানুহে নিজৰ নিচিনাকৈ আনৰে সুখ-দুখৰ প্ৰতি সমানে দৃষ্টি ৰাখে, তেওঁৱেই সৱাতকৈ শ্রেষ্ঠ,—তেওঁ যােগীৰো যােগী; কিয়নাে মনৰ সম্পূর্ণ বিনাশ আৰু কামনাৰ সম্পূর্ণ ক্ষয় সাধিব নোৱাৰালৈকে কোনাে যােগীয়ে সেই অৱস্থা লাভ কৰিব নােৱাৰে।”। (১)
অৰ্জ্জুনে নিবেদন কৰিলে, “হে মধুসূদন! তুমি আত্মাৰ যি সমতাৰূপে যােগতত্ব ব্যাখ্যা কৰিলাঁ, মনৰ থিতি তাত যে সৰহ পৰ ঠাৱৰিব, মােৰ এনে বােধ হোৱা নাই; কাৰণ, হে কৃষ্ণ,মন অতি চঞ্চল,অতি ইন্দ্ৰিয়পৰায়ণ, অতি বলৱন্ত, অতি দৃঢ়।”(২)
ভগৱান শ্রীকৃষ্ণই এই বুলি তাৰ সমিধান দিলে, “হে মহাবাহো ! মন যে চঞ্চল আৰু সহজে নিগৃহীত নহয় তাত মােৰ কিঞ্চিৎমানো সন্দেহ নাই; কিন্তু হে কুন্তীনন্দন! অভ্যাস আৰু বৈৰাগ্যৰ বলত সেই অসাধ্যও সাধ্য হৈ পৰে। অসংযতচিত্ত মানুহৰ পক্ষে এনে যোগ অৱশ্যে সহজ সাধ্য নহয়; কিন্তু যি লোক যত্নশীল আৰু যাৰ চিত্ত সংযত হৈছে, তেনে ৰোগীয়ে সদুপায়ৰ দ্বাৰাই সেই কাৰ্য্য নিশ্চয় সাধিব
————————————————————————————————————————————————————————————————
(১) গীতা, ৬ আধ্যা, ৩০-৩২ শ্লোক ৷
(২) গীতা,৬ আধ্যা, ৩৩-৩৪ শ্লোক ৷