পৃষ্ঠা:গীতাসাৰ.pdf/৫৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭। আশা । কৰ্ম্মযােগ আৰু সন্ন্যাসযােগ। অঙুেনে ভাবি চালে থে, আত্মজ্ঞান লাভৰ অৰ্থে ভগৱান শ্ৰীকৃষ্ণই কৰ্ম আৰু ত্যাগ উভয়ৰে ব্যৱস্থা দিছে । অথচ কৰ্ম্ম আৰু ত্যাগ পােহৰ আৰু আন্ধাৰৰ নিচিনাকৈ পৃথকায় দেখুৱাইছে। পিচে, কোনটো তেওঁলৈ মঙ্গলজনক হব সেই বিষয়ক উপদেশ পাবলৈ অর্জুনে এই বুলি সম্বােধন কৰিলে, “হে কৃষ্ণ! হে ভক্তবৎসল কৰি! কৰ্ম্মযােগ আৰু কৰ্ম্মসন্ন্যান দুয়ােৰ তুমি ব্যাখ্যা দিছ; পিচে মােৰ পক্ষে কোটো মঙ্গলজনক হব, সেই বিষয়ে মােক নিশ্চয় কৰি কোৱা। কিয়নাে কর্মযােগ আৰু কৰ্মসন্ন্যাস, বা কৰ্ম আৰু ত্যাগ উভয়কে একে সময়তে একেজন লােকে সাধন কৰা সম্ভৱপৰ যেন নেদেখে।” (১) | ভগৱান শ্রীকৃষ্ণই অর্জুনক এই বুলি সমিচাৰ দিলে, সন্ন্যাস আৰু কৎযােগ দুয়ো মুক্তিৰ হেতু; তাৰ ভিতৰত সন্ন্যাস বা কৰ্ম্মত্যাগতকৈ কৰ্ম্মযােগ বিশিষ্ট (২)। কিয়নাে, চিত্তশুদ্ধি নহলে অকল সন্ন্যাসত একো ফল নধৰে; অথচ কর্মযোগেৰে চিত্তশুদ্ধি লাভ কৰা যায়। এতেকে, হে পার্থ ! কৰ্ম্মযােগেই যে সম্প্রতি তােমাৰ পক্ষে কল্যাণকৰ। (1) গীতা, ৪ জাষ্য, গাে । (২) সভা কক্ষে নিয়ে । অয়াে সাখাসা বােগাে বিশিষ্যতে। -না, আতা, ২ লােক।