পৃষ্ঠা:গীতাসাৰ.pdf/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৷ আধ্যা ৷
৪৯১
 
 

আত্মজ্ঞান লাভ হয়। এই আত্মপ্ৰসাদ লাভ হলেই, সমস্ত দুখৰ বিনাশ হয়, প্রাণত শান্তি জন্মে; কিয়নো বিশুদ্ধচিত্ত লােকৰ বুদ্ধি অতি সহজে আৰু সােনকালে আত্মাত প্রতিষ্ঠিত হয়। কিন্তু, যি আপােনাৰ মনক জয় কৰিব নােৱাৰে, সেই অজিতেন্দ্ৰিয় পুৰুষৰ বুদ্ধিও নাই, জ্ঞানো নাই; আত্মচিন্তাশক্তিশূন্য লােকৰ শান্তি নাই ৷ অশান্তচিত্ত লােকৰ কতো কেতিয়াও সুখ নহয়। এতেকে, মুখ্য উদ্দেশ্য সাধন কৰিবলৈ হলে প্রথমে মনক আত্মবশলৈ আনিব লাগিব।”(১)

 মন অতি দুৰ্দ্দম । এনে দুৰ্দ্দম মনে যদি এটামানো অসংযত ইন্দ্রিয়ক অৱলম্বন কৰে, তেনেহলে, প্রতিকুল বতাহে পাই নাৱৰ গতিভ্রষ্ট কৰাৰ দৰে, সি সমাধিস্থ পুৰুষৰ বিবেকবুদ্ধি হৰণ কৰি তেওঁক গম্য পথৰপৰা বিচলিত কৰে ৷ এটা অসংযত ইন্দ্রিয়ৰেই যদি ইমান প্ৰভাৱ, তেন্তে যাক একাধিক অসংযত ইন্দ্ৰিয়ই পায়, তাৰ জানাে কি যে সর্ব্বনাশ ঘটে! গতিকে, হে মহাবাহো ! যাৰ সমস্ত ইন্দ্ৰিয়গণ নিজৰ বশীভূত হয়, তেওঁৰ পক্ষে হে প্ৰজ্ঞা আত্মজ্ঞান লাভ সম্ভৱ । জীৱ আৰু ব্ৰহ্ম বা জীৱাত্মা আৰু পৰমাত্মাৰ অভেদাত্মা ৰোধকে প্ৰজ্ঞা বোলা যায় ৷ এই প্রজ্ঞা অজ্ঞান জনৰ চকুত অদৃশ্য । ৰাতি বুলিলে সাধাৰণতে আন্ধাৰ বুজায়। তদ্রুপ প্ৰজ্ঞাৰ বিপৰীত হৈছে অবিদ্যা ৷ সেই কাৰণে, সাধাৰণ লােকে যেতিয়া আন্ধাৰত খেপিয়াই ফুৰে, আত্মাসাক্ষাৎকাৰীগণ তেতিয়া স্থিৰপ্ৰজ্ঞ; আৰু অবিদ্যামগ্ন সাধাৰণ লােক যেতিয়া বিহ্বল, বিমোৰ আৰু অচেতন, ব্ৰহ্মজ্ঞানী তেতিয়া সবল, সজাগ আৰু কৰ্ত্তব্যপৰায়ণ৷(২)” এই বুজনিৰে সৈতে ভগৱান শ্ৰীকৃষ্ণই মহাবাহু অৰ্জ্জুনক ইন্দ্ৰিয়জনিত মায়া-মােহ ত্যাগ কৰি উপস্থিত ৰণত আগুৱাবলৈ উদগনি দিয়ে ৷


 (১) গীতা, ২য় আধ্যা, ৬১-৬৬ শ্লোক ৷
 (২) গীতা, ২য় আধ্যা, ৬৭-৬৯ শ্লোক ৷