পৃষ্ঠা:গীতাসাৰ.pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৷ আধ্যা ৷
৪৭৯
 
 

অনুষ্ঠানৰ বলত ভীষ্মাদিয়ে বি পুণ্যতনু ধাৰণ কৰিছে, সেই তনু বৃদ্ধ বয়সত জীর্ণ হবলৈ ধৰিছে; গতিকে সেই পুণ্যৰ ফল স্বৰূপেই সিবিলাকে নতুন তনু লাভ কৰিবৰ সময় চাপিছে। এতেকে, এই সময়ত সিবিলাকক বধ কৰি নতুন নতুন তনু লাভলৈ কাল চপাই দিব পাৰিলে তুমি সিবিলাকৰ উপকাৰ কৰাহে হব। যদি সেয়ে হয়, এই যুদ্ধত তোমাৰ হাতত সিবিলাকাৰ দেহা হে পতন হব, আত্মাৰ লেশমাত্রও ক্ষয় নহয়; কিয়নো এই আত্মাক অস্ত্রেও কাটিব নােৱাৰে, পানীয়েও তিয়াব নােৱাৰে, জুয়েও পুৰিব নােৱাৰে, বায়ুৱেও শুকুৱাব নােৱাৰে। আত্মা কাটিব পৰা বস্তু নহয়, তিয়াব পৰা বস্তু নহয়, পুৰিব পৰা বস্তু নহয়, ই শুকুৱাব পৰা বস্তুও নহয়; ই অবিনাশী, সৰ্ব্বব্যাপী, স্থিৰ, অপৰিবৰ্ত্তনশীল আৰু অনাদি । স্বৰূপত আত্মা অব্যক্ত, অচিন্ত্য আৰু অধিকাৰ্য্য। ই মনৰ অগােচৰ, জ্ঞানেন্দ্ৰিয়ৰ অগােচৰ, আৰু কৰ্ম্মেন্দ্ৰিয়ৰো অগোচৰ । এতেকে, হে পার্থ ! এনে আত্মা বিনাশৰ মিছা আশঙ্কাত তুমি ব্যাকুল নহবাঁ ৷”(১)

 “ইমানতো যদি আত্মাক জনমশীল আৰু মৰণশীল বুলি মানিব খােজাঁ, তেনেহলেও, হে মহাবাহো ! তুমি সেইবাবে শােক কৰা কৰ্ত্তব্য নহয় । কিয়নো জন্মিলেই মৰিব লাগে, সেইটো ধুৰুপ যেতিয়া, তেনে অপৰিহাৰ্য্য বিষয়ত লাগি অনর্থক শােক কৰা কোনােমতেই উচিত নহয় । আৰু, যদি বাসনা পূর্ণ নৌ হওঁতেই কাৰো মৃত্যু হয়, তেন্তে তাৰ পুনর্জন্ম অৱশ্যম্ভাবী। এতেকে, সেইদৰে হলেও, উপস্থিত ৰণত তোমাৰ প্রিয়জনৰ মৰণ মিলিলেও শােকৰ কাৰণ নাখাকে (২)” ৷


 (১) গীতা, আধ্যা, ২২-২৫ শ্লোক ।
 (২) গীতা, আধ্যা, ২৬-২৮ শ্লোক ।