পৃষ্ঠা:গীতাসাৰ.pdf/১৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮৬
গীতাসাৰ
 
 

 “ওঁ তৎসৎ পৰব্ৰহ্মৰ এই তিনিপ্ৰকাৰ নাম শাস্ত্রে নিৰ্দ্দেশ কৰিছে । যি দৰে ওঁকাৰ ৰূপে পৰব্ৰহ্মৰ নাম অ+উ+ম এই ত্রিবর্ণাত্মক, সেইদৰে পূৰ্ব্বকালত মহর্ষিসকলে পৰব্ৰহ্মৰ ওঁ+তৎ+সৎ এই তিনি অবয়ৱযুক্ত নাম মন্ত্ৰৰ আদিতে স্মৰণ কৰিছিল। কাৰণ, তদ্বাৰাই ধর্ম্মানুষ্ঠানৰ কাৰ্যবৈগুণ্য দোষ খণ্ডন কৰা যায় । এই নামৰ প্রভাবেৰেই ব্রহ্মাই আদিতে ব্রাহ্মণ(১), বেদ আৰু যজ্ঞ সৃষ্টি কৰিবলৈ সমৰ্থ হৈছিল (২) ।এই হেতুকেই বেদবিদ্ পণ্ডিতসকলে 'ওঁ' নাম উচ্চাৰণ কৰি যজ্ঞ, দান, তপস্যাদি ক্রিয়াত প্রবৃত্ত হয় । এই কাৰণেই মােক্ষ আকাঙ্ক্ষীসকলে 'তৎ' এই শব্দ উচ্চাৰণ কৰি বিবিধ যজ্ঞ, দান, তপস্যাদি সম্পাদন কৰে। আৰু এই নিমিত্তেই, হে পার্থ, শিষ্টসকলে সদ্ভাব (৩) আৰু সাধুভাব জনিত (৪) মঙ্গলজনক কাৰ্যাৰম্ভনত 'সৎ' শব্দ উচ্চাৰণ


 (১) এই প্রসঙ্গত ব্ৰাহ্মণ(ব্ৰাহ্মণান্তেৰ) শব্দৰ দ্বাৰাই ব্রাহ্মণ, ক্ষত্রিয় আৰু বৈশ্য এই ত্ৰিবিধ কি দ্বিজক উপলক্ষ্য কৰা হৈছে।
 —কৃষ্ণানন্দস্বামীকৃত গীতাৰ্থ সন্দীপনী ।
 (২) ঔ তৎসদিতি নিৰ্দ্দেশো ব্ৰাহ্মণস্ত্ৰিবিধঃ স্মৃতঃ ।
 ব্রাহ্মণান্তেন বেদাশ্চ যজ্ঞাশ্চ বিহিতাঃ পুৰা ।
 —গীতা, ১৭শ আধ্যা, ২৩ শ্লোক ।
 (৩) সদ্ভাব অৰ্থ অস্তিত্ব; অর্থাৎ কোনাে বস্তু আছেনে নাই তাত সংশয় হলে ব্ৰহ্মাৰ 'সৎ' নাম উচ্চাৰণ কৰি সেই আশঙ্কা আতৰ কৰা হয় ।
 —কৃষ্ণানন্দ স্বামীৰ গীতাৰ্থ সন্দীপনী ।
 (৪) সাধুভাব, অর্থাৎ সাধুত্ব বা পৱিত্ৰ, অর্থাৎ কোনাে বস্তুৰ পৱিত্ৰতাত সংশয় হলে মহাত্মাসকলে ব্ৰহ্মৰ পৱিত্ৰ নামাঙ্গ 'সৎ' শব্দ উচ্চাৰণ কৰি তাৰ বৈষম্য দোষ খণ্ডন কৰে ৷