আৰু বাহিৰ। তেওঁ ধাৰণাতীত সুক্ষ্ম। তেওঁ অবিশ্বাসীৰ মানত দুৰৈতকৈও দুৰৈত, কিন্তু ভক্তিমানৰ চকুত ওচৰতকৈও ওচৰত (১)। পৰমাত্মা অভিতাজ্য বা অভেদাত্মা; কিন্তু ভিন্ ভিন্ প্ৰাণীত, ভিন্ ভিন্ পদাৰ্থত তেওঁক ভিন্ ভিন্ যেন বুজা যায় যদ্যপি এক ব্ৰহ্মই সদৌ পদাৰ্থতে ক্ষেত্ৰজ্ঞৰূপে বিৰাজ কৰিছে; আৰু যদিচ ভূতসমূহ বা সমস্ত জগত তেওঁতে স্থিতি, তেওঁতে লয় আৰু তেওঁৰপৰাই উৎপন্ন হয়। জ্বলন্ত পদাৰ্থৰ জ্যোতি তেওঁৱেই, অথচ তওঁ অন্ধকাৰৰো অতীত; তেওঁৱেই জ্ঞান, তেওঁৱেই জ্ঞেয়। তেওঁৱেই জ্ঞানগম্য, তেওঁৱেই সমস্ত জীৱতে আত্মাৰূপে অৱস্থিতি কৰিছে। জীৱাত্মা আৰু পৰমাত্মা অভেদাত্মা। যি আত্মজ্ঞানশালী লোকে ইয়াৰ গুঢ়তত্ত্ব উপলব্ধি কৰিব পাৰে, তেওঁ জগতময় পৰমাত্মাক বিৰাজমান দেখে। হে অৰ্জ্জুন! ক্ষেত্ৰ-ক্ষেত্ৰজ্ঞ, জ্ঞান-জ্ঞেয় এই সমূহ বিষয়ৰ যি সংক্ষেপ বাখ্যা দিয়া হল, তাৰ তত্ত্বজ্ঞান লাভ কৰিলেই মোৰ ভক্তগণে মদ্ভাব (ব্ৰহ্মভাব) লাভ কৰিব পাৰে।" (২)
“হে অৰ্জুন! এতিয়া প্ৰকৃতি-পুৰুষৰ গুৰু ব্যাখ্যা কৰোঁ, শুনাঁ।— এই প্ৰকৃতি আৰু পুৰুষ দুয়ো অনাদি। বিকাৰ সমূহ (৩) আৰু গুণ সমুহ (৪) প্ৰকৃতিৰপৰাই উৎপন্ন (৫)। প্ৰকৃতি ক্ৰিয়া আৰু
(১) "বহিৰন্তশ্চ ভূতানামচৰং চৰমেব চ।
সূক্ষ্মত্বাত্তদবিজ্ঞেয়ং দূৰস্থং চান্তিকে চ তৎ।"
—গীতা, ত্ৰয়োদশ আধ্যা, ১৬ শ্লোক।
(২) গীতা, ত্ৰয়োদশ আধ্যা, ১৭-১৯ লোক।
(৩) পঞ্চভূত, দশ-ইন্দ্ৰিয়, আন এই ষোলটা বিকাৰ।
(৪) সত্ত্ব, ৰজঃ, তমঃ এই তিনটা গুণ।
(৫) "প্ৰকৃতি পুৰুষং চৈব বিন্ধ্যনাদী উভাৰপি। বিকাৰাংশ্চ গুণাংশ্চৈৰ বিদ্ধি
প্ৰকৃতিসম্ভবান।”—গীতা, ত্ৰয়োদশ আধ্যা, ২০ শ্লোক।