পৃষ্ঠা:গীতাসাৰ.pdf/১০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫। আধ্যা।
অভেদাত্মা তত্ত্বজ্ঞান।

 জীৱ আৰু ব্ৰহ্মৰ অভেদ ভাব কি? শৰীৰ কি? সুখ, দুখ আদিৰ ভোক্তা কোন? ভিন্ ভিন্‌ শৰীৰত আত্মা ভিন্‌-ভিন্ নে এক? ইত্যাদি বিষয়ক নিগূঢ় তত্ত্ব জানিবৰ অৰ্থে, আত্মজ্ঞান লাভলৈ প্ৰৱল ধাউতি থকা সিদ্ধাৰ্থী অৰ্জ্জুনে ভক্তিৰে সৈতে শ্ৰীকৃষ্ণত সুধিলে, “হে কেশৱ! প্ৰকৃতি আৰু পুৰুষ, ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞ, জ্ঞান আৰু জ্ঞেয় এই কেইটা বিষয়ৰ তত্ত্বজ্ঞান দান কৰি মোৰ হাবিয়াষ পূৰ্ণ কৰা”। (১)

 ভগৱান শ্ৰীকৃষ্ণই অতি হৰিষ্‌ চিতেৰে এই বুলি সমিচাৰ দিলে, “হে কুন্তীনন্দন! দেহ জড় আৰু আত্মা চৈতন্যস্বৰূপ এই তত্ত্বজ্ঞান যি সকলে লাভ কৰিছে, সেই সকলে শৰীৰক ক্ষেত্ৰ (২) আৰু জীৱক


 

(১) “প্ৰকৃতিং পুৰুষং চৈব ক্ষেত্ৰ ক্ষেত্ৰজ্ঞনেব চ।
এতন্বেদিতুমিচ্ছামি জ্ঞানং জ্ঞেয়ং চ কেশৱ।"
                                     —গীতা, এয়োদশ আধ্যা, ১ম শ্লোক।

 (২) য'ত আত্মাই থিত লৈ জন্ম-মৰণৰ আবৃত্তি ধৰে, সুখ-দুখ ভোগ কৰে, য’ৰপৰা আত্মাই মুক্তিলাভ কৰে, সেয়ে ক্ষেত্ৰ, অৰ্থাৎ শৰীৰ। যি শৰীৰত থাকি শুভাশুভ কৰ্ম্মানুষ্ঠানৰ ফলস্বৰূপ সুখ-দুখ আদি ভোগ কৰে তেওঁৱেই ক্ষেত্ৰজ্ঞ, অৰ্থাৎ সচ্চিদানন্দ-স্বৰূপ আত্মা।