পৃষ্ঠা:গীতাসাৰ.pdf/১০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪।আধ্যা
৫৫৯
 
 

আৰু, যি ইন্দ্ৰিয়াদি নিৰোধ কৰি অনিৰ্দ্দেশ্য (১), অব্যক্ত, সৰ্ব্বব্যাপী, অচিন্ত্য, কুটন্থ (২), অচল, ধ্ৰুৱ (৩), অক্ষৰ, নিৰ্গুণ স্বৰূপ বা নিৰাকাৰ ব্ৰহ্মক ধ্যান কৰে, তেওঁ সেই নিৰ্গুণ স্বৰূপকে লাভ কৰে।” (৪)

 “এই দুই পন্থাৰ আৰু এটা ভেদ এই যে, নিৰ্গুণব্ৰহ্ম উপাসনা অতি ক্লেশসাধ্য (৫)। কিন্তু, হে পাৰ্থ, যি মৎপৰায়ণ হৈ, সমস্ত কৰ্ম্ম মোতেই অৰ্পণ কৰি মোকেই (সগুণ ব্ৰহ্মক) উপাসনা কৰে, তেওঁ অচিৰে অজ্ঞান সংসাৰৰপৰা উদ্ধাৰ পায়। এতেকে, হে অৰ্জ্জুন। তোমাৰ মন অন্য সমস্ত বস্তুৰপৰা টানি আনি মেতে নিবিষ্ট কৰাঁ, বুদ্ধিবৃত্তিত সততে মোক ধাৰণা কৰাঁ; তাৰ ফলত আপোনা-আপুনি তোমাৰ আত্মজ্ঞান উদয় হব, আৰু মৰণৰ পাচত তুমি মোতেই (শুদ্ধ ব্ৰহ্মত) যে স্থিতি কৰিবাঁ, তাত সংশয় নাই। আৰু, হে ধনঞ্জয়! সগুণ ব্ৰহ্মত যদি মতি স্থিৰ কৰিব নোৱাৰাঁগৈ, তেন্তে ভগৱৎ কৰ্মপৰায়ণ হবাঁ (৬); কিয়নো ভগৱানৰ উদ্দেশ্যে কৰ্ম্ম অনুষ্ঠান কৰিলেও মোক্ষ লাভ কৰা যায়। যদি এই কেইবিধ বিধি অনুসৰি

 

 (১) লৌকিক ভাষাৰে যাক নিৰ্দেশ কৰা নাযায়।
 (২) মিছা হৈয়ো যি সত্যৱত, সেয়ে কুট বা অজ্ঞান; সেই অজ্ঞানতো সম্বন্ধ ৰাখি যি অধিষ্ঠান কৰে তেওঁৱেই কুটস্থ।
 (৩) ধ্ৰুৱ অৰ্থত যাৰ পৰিণাম নাই, অৰ্থাৎ নিত্য।
 (৪) গীতা, দ্বাদশ আধ্যা,২—৪ শ্লোক।
 (৫) কিয়নো, নিৰ্গুণ ব্ৰহ্মাপাসনাৰ অৰ্থে অহ্মচৰ্য্য ধৰি ব্ৰহ্মনিষ্ঠ, বেদান্ত শ্ৰৱণ আদি কঠিন ব্ৰত পালন কৰিব লগীয়া হয়।
 (৬) ঈশ্বৰৰ নামকীৰ্ত্তন শ্ৰৱণ, ভগৱানৰ গুণগান কীৰ্ত্তন, ভগৱৎ স্মৰণ, ভগৱৎ পূজন, ভগৱৎ বন্দন ইত্যাদি কৰ্ম্মানুষ্ঠানৰ দ্বাৰাই চিৰশুদ্ধি আৰু আত্মজ্ঞান লাভ হলেই নিৰ্গুণ ব্ৰহ্মজ্ঞান লাভ হয়।—গীতাৰ্থসন্দীপনী।