মূল পাতনি।
⸻
আধুনিক অসমীয়া সমাজৰ আদিছোৱাত, চৰ্কাৰী কৰ্ম্মচাৰী গাওঁবুঢ়াৰ “অনাহাৰী” বিষয়ববীয়া খাটনি বিষয়ক ৰহস্যই এই লেখকৰ অন্তৰত, লৰাকালত, সদায় কৌতুহল জন্মাইছিল। সেই ৰহস্যৰ আৰ্হি ৰাইজৰ আগত দাঙ্গি ধৰাই এই সামাজিক নাটক লিখিবলৈ লোৱাৰ আগ-উদ্দেশ্য। আজিকালি অসমত পছিমীয়া ধৰণৰ অভিনয় প্ৰতি যেনেকৈ অনুৰাগ বাঢ়িছে, তেনেকৈ তাৰ জোখায় অসমীয়াত নাটক নাই,⸺বিশেষকৈ সামাজিক নাটক। সেই অভাৱ কিঞ্চিৎমান গুচাবলৈ আগবঢ়াটো এই পুথি লিখাৰ দ্বিতীয় লক্ষ্য। এই গল লেখকৰ সংকল্প আৰু উদ্দেশ্য; কিন্তু তাক কিমানলৈ কাৰ্য্যত ফলিৱাব পৰা গৈছে, সেইটো ৰাইজৰ বিচাৰলৈ ৰল। সমাজৰ স্বৰূপ চিত্ৰ অঁকা উজু কাম নহয়, তাতে এইফালে লেখকৰ এয়ে প্ৰথম উদাম; গতিকে, ইয়াত যে ভালেমান আসোঁৱাহ ওলাব, তাক কোৱাৰ সকাম নাই। ইতি
৬ আঘোণ, ১৮১৯ শক। |
এইবাৰ আগৰ ভালেমান আসোঁৱাহ গুচোৱাৰ উপৰি, ষ্টেজৰ নিমিত্তে উপযােগী কৰিবৰ উদ্দেশে নাটকৰ ঠায়ে ঠায়ে গােটাদিয়েক পট অগা-পিচা কৰি দি, শেহত দুখন পট নতুনকৈ লগাই দিয়া গৈছে। ইতি
১ ভাদ, ১৮৩৯ শক। |