পৃষ্ঠা:গাওঁবুঢ়া.pdf/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪। অঙ্ক।
প্ৰথম পট,—মৰিয়াগাওঁ.।
(ভোগমনে হাজত নামেৰে মৰিয়া ল'ৰা এটা লগত লৈ ৰচদ বিচাৰি ফুৰে)

 ভোগ।— হেৰ কটা, তহঁতৰ গাঁৱৰ কাৰ কাৰ ঘৰত কুকুৰা আৰু কণী সৰহকৈ আছে? কচোন।

 হাজত।— এ, আমাৰ গাঁৱত খৰহকৈ কাৰো ঘৰত নাই দেও। খৌ ভেলেউ আৰু বিলত এহঁতিৰ ঘৰতে দহোটামান দেখিছোঁ; আৰু পেজানৰ ঘৰত হ'লে মই ৰাতি খুবলৈ যাওঁতে, তাৰ কুকুৰা দুজনীয়ে কণী পৰা দেখিছিলোঁ।

 ভোগ।— বাৰু, আহ, আগেয়ে ভেলেউ আৰু বিলতৰ ঘৰ হৈয়ে যাওঁ। মই ধৰ বুলিলেই তই ধৰি লবি দেই; তই কাৰো কথালৈ কাণ নিদিবি।

 হাজত।— উঃ।—, মই নোৱাৰোঁ দেও, ভেলেউ মানুহ ভাল নহয়, তাই গালি খপিব দেও।

 ভোগ।— বাৰু, মই আছোঁ, তই ভয় নকৰিবি, গালি পাৰে, যি কৰে, মোক কৰিব; তোক কোনেও একো কৰিব নোৱাৰে। (ভেলেউৰ দুৱাৰমুখতে কুকুৰা এজনী দেখা পাই) হেৰ, ধৰ ধৰ, সেইজনী ধৰি ল। (ল'ৰাটোৱে লাহে লাহে গৈ ধৰিলত কুকুৰাজনী চিয়ঁৰি উঠে)

 ভেলেউ।— (ওলাই আহি) ছুহ্‌ ছুহ্‌ কিহে নো ধৰিলেও মোৰ কুকুৰাজনী! (মৰিয়া ল'ৰাটোলৈ চাই) অ, খোদাই! ভালেটি হে, এই খিয়ালটোৱে