পৃষ্ঠা:গল্পাঞ্জলি.pdf/৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮০
গল্পাঞ্জলি

প্ৰধান প্ৰধান মানুহ বিলাকে লগ লাগি কৃকীক খেদি তেওঁৰ ভায়েকক ৰাজা পাতিবৰ প্ৰস্তাব কৰিলে, আৰু ঠায়ে ঠায়ে উপদ্ৰব আৰম্ভ কৰিলে। সকলোৰে ৰাজাৰ প্ৰতি কোপ-লোচন। তথাপি কৃকী নিশ্চেষ্ট। অপত্য স্নেহৰ গাঁঠি তেওঁৰ গলত এনেকৈ লাগিছিল যে ৰাজ্য-বিপ্লবানলো তাৰ ওচৰত পৰাস্ত। কৃকী দেশৰ ৰাজা; তেওঁৰ প্ৰতি মালিনী যেনে, আশধাৰী মগনীয়াও তেনে। তেওঁ মালিনীৰ প্ৰতি ইমান অযথা অনুগ্ৰহ প্ৰদৰ্শন কৰা অন্যায়। কিন্তু কি কৰিব? তেওঁ মালিনীৰ কথা এৰাব নোৱাৰে। প্ৰজাবিলাকে মালিনীক দণ্ড দিবলৈ বৰ আন্দোলন কৰিলে। ৰজাই দণ্ড দিয়া উচিত বিবেচনা কৰিলে। কিন্তু ৰাজমহিষী মালিনী-অনুৰক্তা। মহিষীৰ প্ৰাৰ্থনা ভালকৈ গমি চালে। তাক অগ্ৰাহ্য কৰি কি ৰকমে মালিনীক দণ্ড দিব সাহস কৰে। প্ৰাণ যায় যাওক, ৰাজ্য নষ্ট হয় হক, প্ৰজা মৰে মৰক, তথাপি তেওঁ মালিনীক শাস্তি দিব নোৱাৰে। গতিকে মালিনীৰ একো দণ্ড নহল। আগৰ যি মালিনী, এতিয়াও সেই মালিনী। কেৱল ৰাজ্যত বিদ্ৰোহ। কৃকীয়ে ব্ৰাহ্মণ পণ্ডিতসকলক অনেক বুজাই সেই বাৰৰ নিমিত্তে বিদ্ৰোহানল দমন কৰিলে। কিন্তু যাৰ নিমিত্তে ইমান গণ্ডগোল, তেওঁ কত, সেই মালিনী কত? মালিনী মনৰ দুখত এটি ঘৰত অকলশৰে শুই আছে। দুখৰ সংসাৰ এৰি বনৰ পখীৰ দৰে ফুৰিব নোৱাৰিলে। নিজৰ ধৰ্ম্ম-পিপাসা পৰিতৃপ্ত নহল। মালিনীয়ে আকৌ কৌশল কৰিলে। দুই দিনমানৰ পাছত মালিনী আকৌ শ্ৰমণ-ভোজন এটি