পৃষ্ঠা:গল্পাঞ্জলি.pdf/৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৯
মালিনী

পদ-সেৱা কৰিব পাৰিব তাকে ভাবিয়েই বিহ্বলা। আজি আশাৰ মোহন বীণাই মনোমোহন সুৰত মালিনীৰ শ্ৰৱণ কুহৰ পৰিতৃপ্ত কৰিছে। আজি মালিনীৰ আনন্দ নধৰে। সৰোজেৰে সৈতে পৰামৰ্শ কৰিলে। সৰোজৰ মত নহল। নিজে ধৰিলে। পাঁচ দিনৰ পাছত ৰাজ প্ৰাসাদত শ্ৰমণ-ভোজন হব। বিপুল আয়োজন কৰিব ধৰিছে। আয়োজক যুবক-যুবতী মালিনী আৰু সৰোজ। এই বিষয় তেওঁলোক দুইজনত বাজে এটি পিপিৰায়ো গম পোৱা নাই। লাহে লাহে দিন উপস্থিত। ৬০০ শ্ৰমণে তেওঁলোকৰ গুৰুৰে সৈতে কৃকীৰাজপ্ৰাসাদত ভোজন কৰিলে। হঠাৎ এনে আশ্চৰ্য্য কাণ্ড— ৰাজপ্ৰাসাদত শ্ৰমণ-ভোজন। সকলো নগৰবাসী বিদ্ৰোহী হল। ৰাজ্যত হুলস্থুল লাগিল। সৰোজৰ মুখৰ মাত নাই। কিন্তু মালিনী? মালিনী প্ৰশান্তবদনা উদ্বেগবিৰহিতা। আজি এই যুবক-যুবতীৰ এক প্ৰাণ এক মনত বিভিন্ন ভাব কিয়?

 আগেয়ে কোৱা হৈছে ব্ৰাহ্মণ পণ্ডিতসকল আৰু হিন্দুধৰ্ম্মাবলম্বী কাশীবাসী সমুদায় প্ৰজা মালিনীৰ বিৰুদ্ধে দণ্ডায়মান। আগেয়ে ৰাজাৰ অনুৰোধত বালিকা বুলি ক্ষমাৰ পাত্ৰী আছিল। কিন্তু এতিয়া ধৰ্ম্মপ্ৰাণ হিন্দুৰ ওচৰত মালিনী বালিকা নহয়। ধৰ্ম্ম-ভ্ৰষ্টা, ক্ষমাৰ অযোগ্যা, যৌবন-সুলভ অহঙ্কাৰ বশীভূতা যুবতী! এতিয়া সকলোৱে বিদ্ৰোহী হল, কব ধৰিলে ৰাজাৰ এনেকুৱা অধৰ্ম্ম, প্ৰজাই কৰিব কি? এনেকুৱা বিধৰ্ম্মী ৰাজাৰ তলত থাকিব কোন? ৰাজ্যৰ সকলো পিনে হুলস্থুল লাগিল আৰু