পৃষ্ঠা:গল্পাঞ্জলি.pdf/৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৬
গল্পাঞ্জলি

বেছিকৈ আছিল, আৰু সেই নিমিত্তে হিন্দু আৰু বৌদ্ধৰ, বিশেষ নহলেও, অলপ সংশ্ৰব আছিল।

 যেতিয়া মালিনীৰ বয়স ১২ বছৰ আৰু সৰোজৰ বয়স ১৪ বছৰ, এদিন তেওঁলোক আগেয়ে কোৱা শিলত বহি আছিল। কিন্তু আজিৰ যি ভাব, সিদিনা সম্পূৰ্ণৰূপে বিপৰীত। সেই দিনা উভয়ে বাল্য নদীৰ মুখ পাই যৌবন সমুদ্ৰত পৰোঁ পৰোঁ হৈছিল। আজি কিন্তু সম্পূৰ্ণৰূপে তাত নিমগ্ন। সেই দিন ভবিষ্যত আশা দেবীৰ কোমল শয্যাত শায়িত আছিল। আজি পাপী-ক্ৰন্দন-পৰিপূৰ্ণ শোক-স্বৰোচ্ছাসিত নিৰাশৰ সশঙ্ক গৰ্ভত নিমজ্জিত। সেই দিনা মনৰ সুখত অসাৰ সংসাৰক অতুলনীয় দিব্যলোকতকৈয়ো শ্ৰেষ্ঠ বুলি ধৰিছিল। আজি নিৰাশৰ ভয়ঙ্কৰী মুৰ্ত্তি তেওঁলোকৰ আগত উপস্থিত। চাৰি বছৰৰ ভিতৰতে ইমান প্ৰভেদ!

 উভয়ে মনৰ আনন্দত বহি আছে, এনেতে শ্ৰমণাশ্ৰমত আনন্দকোলাহল শুনিবলৈ পালে। বৌদ্ধবিলাকে কোনো কোনো বিশেষ উৎসৱত বৰ ধুমধাম কৰে। হিন্দুবিলাকে সচৰাচৰ সেই বিলাক চাবলৈ যায়। ওচৰতে আশ্ৰম। আনন্দ-কোলাহল শুনি দুয়ো সেই ঠাই চাবলৈ ব্যগ্ৰ হল আৰু অলপ পৰৰ পাছতে গলেই। যদিও বৌদ্ধ আশ্ৰম তথাপি হিন্দুৰাজকুমাৰ সকল বা আন আন যুবকবিলাক তালৈ গলে তেওঁলোকে বিশেষ সমাদৰ কৰে। আজিও যুবক-যুবতী দুজন আশ্ৰমত সমাদৃত হল।

 উপযুক্ত সন্মিলিত আৰু সমাদৃত মালিনী-সৰোজে পাছত জানিব পাৰিলে, যে তেওঁলোকে যি ভাবিছিল সি সম্পূৰ্ণ সত্য