পৃষ্ঠা:গল্পাঞ্জলি.pdf/৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৪
গল্পাঞ্জলি

সৰোজকুমাৰ আৰু মালিনী মন্ত্ৰী-পুত্ৰ ও ৰাজকুমাৰী। সৰোজৰ দুই বছৰৰ পাছত মালিনীৰ জন্ম। তেতিয়া ৰাজা আৰু মন্ত্ৰী বিশেষ সম্বন্ধ থকাহেতু সৰোজ আৰু মালিনী সৰুৰেপৰা একে লগে আছিল, বহিছিল, ৰং কৰিছিল। যেতিয়া মালিনী ৰাজপ্ৰাসাদত শত শত দাসীৰে লালিত হৈ মাধবী-লতাৰ নিচিনা বাঢ়িবলৈ ধৰে, তেতিয়া মন্ত্ৰী গৃহতো সৰোজৰূপী বৃক্ষটিয়ে ডাল-পাত মেলিবলৈ ধৰে। সেই সময়ত কোনোৱে ভবা নাছিল যে সেই মাধবীলতা এই ৰসাল-বৃক্ষগামিনী হব। উভয়ে একে ঠাইতে থকা বাবে বাল্যাৱস্থাতে মালিনী আৰু সৰোজৰ, উভয় প্ৰতি উভয়ৰ চেনেহ ওপজে। এজন নহলে আনজনে ধেমালি কবিবলৈকে ভাল নাপায়। এজনক নেদেখিলে আনজনে এখন্তকো থাকিব নোৱাৰে।

(৩)

 সময়ে কাৰো প্ৰতি অপেক্ষা নকৰে। লাহে লাহে মালিনী আৰু সৰোজ, উভয়ে বালসুলভ চপলতা, অকপটতা, পবিত্ৰতা প্ৰভৃতিৰ প্ৰভুত্ব পৰিত্যাগ কৰি, যৌবনৰ গাম্ভীৰ্য্য, কপটতা, অপবিত্ৰতা আৰু ৰূপ-গৰ্ব্বৰ দাস হল। তেতিয়া উভয়ে যেন কিহৰ অভাব বোধ কৰিব ধৰিলে। উভয়ৰ হৃদয়ৰ অন্তঃপ্ৰদেশত যেন অস্ফুটস্বৰে কোনোবাই তেওঁলোকৰ অভাব সোঁৱৰাই দি গীত গাব ধৰিলে। সঁচা কথা কবলৈ হলে, উভয়ৰে শিশু অৱস্থাৰ শিশু-স্নেহ যৌবন অৱস্থাৰ প্ৰেমত পৰিণত হল।

 তেতিয়া ৰাজা, মন্ত্ৰী আৰু ৰাজ্যৰ আন আন সকলো