এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


গল্পাঞ্জলি

দেখাদেখি


( ১ )

 সেইদিনা আহাৰৰ আঠ দহ দিন মান গৈছে। ঝিপ্ ঝিপ্ ঝুপ্ ঝুপ্‌কৈ পুৱাৰেপৰা বৰষুণ৷ আবেলি ক’লৈকে যাবও নোৱাৰি, একো কামো কৰিব নোৱাৰি। নবীনে শোৱনি ঘৰৰ ছালপীৰাৰ ওপৰতে বহি হাৰমনিয়মটো লৈ কোঁ-কোঁ-গোঁ-গোঁ কৰি আছিল, এনেতে দেখিলে বাটত ভাল কাপোৰ পিন্ধা মানুহ এজন। তেওঁৰ পাচত বাকচ এটা আৰু বিছনা এখন ভাৰ বান্ধি লৈ আৰু এটা মানুহ। দুয়ো নবীনৰ ঘৰৰ ফালেই আহিছিল। পদূলি পাওঁতেই নবীনে তেওঁক চিনি পালে। “এ ধৰণী! কলিকতালৈ যাবলৈ আহিলা?” নবীনে আথেবেথে উঠি সমপাঠী বন্ধুক আদব অভ্যৰ্থনা কৰি আনি কলে, “আজি ইমান বৰষুণ, তুমি নাহিবা বুলিহে ভাবিছিলোঁ! বন্ধ শেষ হবলৈকো আৰু সাত দিন আছে।” ধৰণীয়ে উত্তৰ দিলে, “হাতী কা দাঁত, ভাই! বতাহ বৰষুণ কি আছে? আহিব খুজিছিলোঁ আহিলোঁ৷” নবীনে মিচিকীয়াই অলপ হাঁহিলে।