পৃষ্ঠা:গল্পাঞ্জলি.pdf/৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭২
গল্পাঞ্জলি

যুবকজনে দীঘল হুমুনিয়াহ কাঢ়ি কলে “মালিনি! তেনেহলে তোমাৰ সংকল্পই ঠিক?” যুবকৰ কথাত মালিনীয়ে হঠাৎ একো উত্তৰ নিদি বহুত পৰ ভাবিলে; পাছত কলে, “কি কৰিম। মানুহ নিজৰ অধীন হলে এই সংসাৰক অসাৰ বুলিব নোৱাৰিলেহেতেন। নিশ্চয় জানিবা মই তোমাৰ সুখৰ নিমিত্তে উৎসৰ্গিত-প্ৰাণা। কিন্তু মোৰ মন সেই পিনে ঢাল খাইছে, তাক ওভতাম কেনেকৈ? মোৰ সাধ্য কি?”

 “হৰি, হৰি। মহাত্মা জনে তোমাক কিহেৰে বান্ধিলে কব নোৱাৰোঁঁ। তেওঁক দেখি যি ভাবিছিলোঁ, তাৰ বিপৰীত হল।”

 “বিপৰীত একো হোৱা নাই। বাৰু, তোমাৰো এনেকুৱা ইচ্ছা নহয় নে?”

 “মালিনি, তোমাৰ নিমিত্তে সৰোজে প্ৰাণ এৰিব পাৰে; এইটো তো সামান্য কথা।”

 “তেনেহলে বাধা কি?”

 “পিতা-মাতা, বন্ধু-বান্ধব।”

 “বন্ধু-বান্ধবৰ আৱশ্যক?”

 “আৱশ্যক আছে। নহলে থাকিম কেনেকৈ? মোৰ আচলতে দৃঢ় বিশ্বাস হোৱা নাই। কেৱল তোমাৰ নিমিত্তে হে।”

 “বিশ্বাস নাই? তেনেহলে কেতিয়াও তোমাক এনেকৈ নকওঁ।”

 সৰোজকুমাৰে কিছুমান সময় মনে মনে ভাবিলে, পাছত দুখেৰে কলে “মালিনি! মোৰ মনৰ ভাব তোমাৰ আগত গুপুত