পৃষ্ঠা:গল্পাঞ্জলি.pdf/৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
গল্পাঞ্জলি

 মালতীও তাতেই বহি আছিল। ৰামদাসে মালতীৰ ফালে চালে—সেই তাহানিখন কলেজত থাকোঁতে দুই জনে ঘৰৰ কথা পাতাত ৰামদাসৰ চকুত, মুখত, শৰীৰত আনন্দৰ যি ঢৌৰ খেলা দেখিছিলোঁ, সেই আনন্দ-তৰঙ্গৰ খেলা, স্ফুৰ্তি!

 মালতীয়ে সেই আনন্দ আৰু জয়োল্লাসতে নিজৰ সোণাৱালী হাঁহিৰ সোণালী কিৰণ এটিৰে সকলোকে অবশ কৰি ওৰণী খন টানি ভিতৰলৈ উঠি গল।

—————