পৃষ্ঠা:গল্পাঞ্জলি.pdf/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৬
গল্পাঞ্জলি

নামানাৰ গুণত, সেই বিড়াল-তপস্বী ছোৱালীজনীয়ে ৰামদাসৰ বুকৰ মাজত লুকুৱাই থোৱা প্ৰেমৰ বিতোপন ভাৱ কেইটা এটা এটাকৈ গৰাসিবলৈ কাৰবাৰ কৰিলত, ৰামদাসে বৃদ্ধ জৰদ্গবৰ দৃষ্টান্ত নলৈ, সময় থাকোতে সেই ছোৱালীজনীৰে শৰণাগত হল; আৰু দুয়ো পলাই পত্ৰং মাৰিলে। তেতিয়া তেওঁ চাকৰি পাইছে; সুতৰাং কাৰে মুখলৈ নাচাই বেছ চলি থাকে। কিন্তু গোটাইখন অসমতে হলে তোল-পাৰ লাগি গল যে অমুক বি, এ-জনে হেন হে কৰিলে, তেন হে কৰিলে। ফলত সকলোৱে ৰামদাসক ঘিণৰ চকুৰে চাব ধৰিলে, যদিও হাকিমতিৰ গুণত ঘিণৰ মুখেৰে কোনোৱে একো কব সাহ নকৰিলে। সুতৰাং, নিতান্ত নিৰুপায় হৈ বেচাৰ। ৰামদাসেও সকলোকে ঘিণৰ চকুৰে চাবলৈ বাধ্য হল। গতিকে যেতিয়া ৰামদাস আমাৰ বাপ-পিতৃৰ দিনৰ পুৰণি সমাজৰ ধাৰ খোৱা চহৰ খনলৈ বদলি হৈ আহিল, তেতিয়া এটা হুলস্থূল কাণ্ড লাগি পৰিল। তাতে আমাৰ পিতৃদেৱতা সমাজৰ বৃদ্ধ আৰু নেতা। মানুহক আলাগ-নিলগ কৰা আৰু দোষ-গুণ বিচাৰ কৰি অৱস্থানুযায়ী ব্যৱস্থা কৰা ভাৰটো তেওঁৰ হাততেই আছিল। তেওঁ খাছ পুৰণি চহৰবাসীৰ ভিতৰুৱা সমাজটোক সাৱধান কৰি দিলে, যেন কোনাৱে ৰামদাসৰ লগত জুই-পানী ব্যৱহাৰ নকৰে। মোক তেওঁৰ সহপাঠী বুলি জনাত মোৰ ওপৰত সেই হুকুম আৰু অলপ কৰাকৈয়েই জাৰি হল।

 সেই দেখিয়েই, আমাৰ সম্পূৰ্ণ ইচ্ছা থকাতো আমাৰ ভিতৰৰ বন্ধুতাটো গুলজাৰ হৈ উঠিব পাৰা নাছিল।