পৃষ্ঠা:গল্পাঞ্জলি.pdf/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৩
পশুপতিৰ বিয়া

ছোৱালী আজি যমৰ ঘৰলৈ যাব লাগিলহেতেন নে? পশুপতি সেইবিলাক কথালৈ আওকাণ কৰি শহুৰেকৰ ভৰিত দীঘল দি পৰি আগেয়ে চিকিৎসা কৰিবলৈ অনুমতি দিবৰ নিমিত্তে কাকূতি কৰিবলৈ ধৰিলে। শহুৰেকে কলে যে, তেওঁৰ জন তেওঁক দিয়াত একো আপত্তি নাই। কিন্তু আগেয়ে তেওঁৰ পাওনা টকা দেৰ শ নিদিলে, তেওঁ ছোৱালীক চিকিৎসা কৰিব নালাগে, ছুবকে দিব নোৱাৰে। একো উপায় নোপোৱাত পশুপতিয়ে যি অলপ অলঙ্কাৰ আছিল সেই অলঙ্কাৰকে দিব বুলি কোৱাতো তেওঁ লিখা-পৰা নোহোৱাকৈ সন্তুষ্ট নহল। তেতিয়া এখন কাকতত সেই চৰ্ত্তত লিখা-পৰাৰ ভিতৰত সোমাই, পশুপতিয়ে ৰোগীৰ গাত হাত দি দেখিলে গা তেনেই চেঁচা; নাড়ী টিপিলে, নাড়ী পোৱা নগল।

 কপাল মূৰ ধাকুৰি সেই দিনাই ঘৈণীয়েকৰ অন্ত্যেষ্টি ক্ৰিয়া সমাপ্ত কৰি পশুপতি ঘৰলৈ গল। আজি তেওঁৰ ঘৰ-বাহিৰ আৰু অন্তৰ সকলো শূন্য।