পৃষ্ঠা:গল্পাঞ্জলি.pdf/৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬২
গল্পাঞ্জলি

ছোৱালী উলিয়াই আনিবলৈ আদেশ পৰিল। বিয়াৰ অৱশেষ খিনি প্ৰজাপতি আৰু সিদ্ধিদাতা গণেশৰ কৃপাত নিৰ্ব্বিঘ্নে সম্পন্ন হৈ গল আৰু পশুপতিও মানবী জনম কৃতাৰ্থ কৰি বিবাহিত হৈ সমাজ আৰু পিতৃ-ঋণ পৰিশোধ কৰিলে।

(৫)

 বিয়াৰ তিন দিনৰ দিনা ছোৱালী আকৌ মাকৰ ঘৰলৈ ফিৰি আহিল। আহি হাত-ভৰি ধুই ঘৰ সোমাল। অলপ পাছতে এবাৰ শৌচ কৰিলে, তাৰ পাছত আৰু এবাৰ; তাৰ পাছতে ৰাতি হল। সকলোৱে খবৰ পালে ছোৱালীজনী হাজিয়াত পৰিল। গাৱঁৰ দুই এজন জনা-বুজা মানুহে ডাক্তৰ বা বেজ আনি দৰব খুৱাবলৈ পৰামৰ্শ দিলে। ছোৱালীৰ বাপেকে উত্তৰ দিলে, এই ছোৱালীৰ বাবে তেওঁৰ ২০০৲ শ টকা লোকচান হল, যি দেৰ শ টকা বিয়াৰ তিন দিনৰ দিনা দিবৰ কথা আছিল তাকো তেওঁ পোৱা নাই, এতেকে সেই ছোৱালীৰ বাবদ ডাক্তৰ-কবিৰাজ আনি তেওঁ আৰু পয়চা খৰচ কৰিব নোৱাৰে। যাৰ জন তাক লাগে যদি সি পয়চা খৰচ কৰি চিকিৎসা কৰে, মাৰি পেলায়, যি ইচ্ছা তাকে কৰক।

 এনেতে পশুপতি ডাক্তৰ এজন লৈ শহুৰেকৰ ঘৰত উপস্থিত হল। ডাক্তৰে সৈতে পশুপতিক চোতালত দেখিয়েই শহুৰেক দপদপাই উঠিল। পশুপতি হে তেওঁৰ ছোৱালীৰ যম হল। পশুপতিয়ে বিয়া নকৰালে আৰু ঘৰলৈ লৈ নগলে তেওঁৰ