পৃষ্ঠা:গল্পাঞ্জলি.pdf/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৭
অদৃষ্ট

আকুলতা সেই দৃষ্টিত! ধনীৰামে নিজৰ গামোচাৰ লোচৰপৰা ভাত কেইটা সোলোকাই ঘৈণীয়েকৰ ওচৰত থৈ কলে, “উঠি এগৰাহ খা!” দুয়োৰে চকুৰপৰা গিৰ্‌-গিৰ্‌কৈ হিমালয়ৰপৰা পৰা গঙ্গা-যমুনাৰ পবিত্ৰ ধাৰাৰ নিচিনা দুধাৰি চকুলো পৰি দুখৰ দুখন হৃদয়ক কি এক শোক-আবেগত মিলাই দিলে। কিন্তু কি দুৰ্কপাল! মালতীয়ে নমতাকৈয়ে গিৰীয়েকৰ মুখৰ ফালে চাই এবাৰ হঠাৎ চকু পিৰিকালে— তাৰ পাছে সকলো শেষ!

 বাৰিষাৰ গম্ভীৰ ৰজনীৰ আকাশ ভেদি এটা হাহাকাৰ শব্দ ওপৰলৈ উঠিল!— হায়, বিধাতা! কাৰ উদ্দেশ্যে!