পৃষ্ঠা:গল্পাঞ্জলি.pdf/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
গল্পাঞ্জলি

অলঙ্কাৰ-পত্ৰ ভায়েকৰ হাতত পলুৱাইছিল। যাওঁতে বাকীখিনিও লৈ গল।

 কেঞা মহাজনৰ তত ককায়েকৰ কিবা বাকী আছিল। ছল-চক্ৰান্ত কৰি সি মাটি-বৃত্তি গোটাইখিনি নিলাম ডাকি ললে।

 ধনীৰাম নিতান্ত দুখীয়া হল। সময়ৰ লগত, নিজৰ গাৰ কানি-কাপোৰ বেচি-কিনি হে পেট প্ৰবৰ্ত্তাই থাকিব লগাত পৰিল।

(৪)

 হব-খোজা শহুৰেকে ধনীৰামলৈ ছোৱালী নিদিয়া কেতিয়াবাই ঠিক হৈ গৈছিল আৰু ছোৱালীৰো আন ঠাইত বিয়া হৈ গৈছিল। ধন-বিত, অৰ্থ-সম্পত্তি একো নাই; তেনে স্থলত বিয়া দিলে ছোৱালী নো কি খাই প্ৰবৰ্ত্তিলেহেতেন? কিন্তু মানবী জন্মত জনম আৰু মৰণৰ নিচিনা বিয়াও তো এটা অৱশ্যে হবলগীয়া কাৰ্য্য! সুতৰাং ভাই-ককাই, আত্মীয়-বন্ধু সকলোৰে উপদেশ মতে ধনীৰামে টেপু-বাপুৰ ঘৰত সাত কুৰি টকাত বন্ধা সোমাই এশ টকা আনিলে আৰু তাৰ দ্বাৰাই কোনোবা এজনী মাউৰী ছোৱালীৰ পাণি-গ্ৰহণ কৰি নিজৰ জীৱনটোক ধন্য কৰিলে। আৰু পিতৃ-পিতামহকো পুন্নাম নৰকৰপৰা উদ্ধাৰৰ বাটটো মুকলি কৰি দিলে।

(৫)

 নিঃকিনৰ দুখৰ লেখ লয় কোনে! দুখীয়াৰ দুখ দেখি পুতৌ