পৃষ্ঠা:গল্পাঞ্জলি.pdf/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৮
গল্পাঞ্জলি

 লো এডোখৰ তপতে-তপতে বৰ গৰম; পানীত পেলাই দিয়া মাত্ৰে ভক্‌ভকায়, ফক‌্ফকায় আৰু নাচি উঠে। কিন্তু, যেতিয়া তাৰ পানীৰ প্ৰতি আকৰ্ষণ বা লালসাই তৃপ্তি লভিলে, তেতিয়া সি যেনে লো তেনে।

 আমাৰো সেয়ে হল। যেতিয়া দিন গল, যেতিয়া তেজৰ পিৰপিৰণি কম পৰিল, বাসনা তৃপ্ত হল, তেতিয়া তাহানিৰ লালসাৰ গৰম ভাব সেৰেঙা পৰিল। তেতিয়াহে বুজিলোঁ, কি কৰি কি কৰিলোঁ। ঘনশ্যামে মোৰ সংশ্ৰব এৰিলে। তেতিয়া আৰু কতো শান্তি নোপোৱা হলোঁ। সদাই মনত এটা উচপিচনিৰ ভাব। তেতিয়া আকৌ বহুদিনীয়া মোহনৰ সেই মোহন মূৰতি লাহে লাহে হৃদয়ৰ এচুকত দেখা দিলেহি। কিন্তু মনত শান্তি নহল। বাহ্যিকত সুখ নাই। যি সংসাৰক দুদিনৰ আগেয়ে অমৃতৰ অক্ষয় ভাণ্ড যেন ভাবিছিলোঁ, সেই সংসাৰে বিষত পৰিণতি লভিলে। মোহনৰ সেই অস্ফুট ছবিটিয়ে মনত আৰু অশান্তিৰ উদয় কৰিলে।

( ৮ )

 “আকৌ হাঁহি মাৰি দীৰ্ঘ-বন্ধে দেখা দিলে। ককাইদেও এই বাৰ বি-এল মহলা দি কলিকাতাতে আছিল; এতিয়া আহিল। এদিন এখন চিঠি ককাইদেৱৰ অসাবধানতাৰ বাবে পৰি গল। দেখিলোঁ, চিঠিখন মোহনৰ। মনে খুদমুদালে। মেলি পঢ়িলোঁ—