পৃষ্ঠা:গল্পাঞ্জলি.pdf/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


সন্ন্যাসিনী

( ১ )

 সন্ন্যাসিনীয়ে কলে, “মহিমা শুনিবা”? মই মাত লগালোঁ, “মই তো শুনিম শুনিম কৈ আছোঁৱেই, তোমাৰ আপত্তি নাথাকিলে কোৱা।” “তেন্তে কওঁ শুনা” এই বুলি সন্ন্যাসিনীয়ে আৰম্ভ কৰিলে।

( ২ )

 “সি আজি ত্ৰিশ বছৰৰ কথা। এই ডেৰ কুৰি বছৰ এটা কথাই মনৰপৰা নেৰাৰ বাবে সি সাধাৰণ কথাৰ নিচিনা হৈ উঠিছে। এতিয়া আৰু তাৰ নিমিত্তে দুখ নহয়। তেতিয়া মোৰ বয়স ১৫/১৬ বছৰ। ঘৰত পিতাদেও আৰু ককাইদেও। ককাইদেৱে কলিকতাৰ কলেজত পঢ়ে। মই তেতিয়া অবিবাহিত। চিনা জোকবোৰে যিদৰে এডাল বনত উঠি চাৰিও পোনে আন এডাল বন বিচাৰি লেউ লেউ কৰে, মোৰ মনতো তেনে এটা ভাব। কি যেন এটা বিচাৰোঁ, কিহৰ যেন অভাৱ বুলি চকুৱে চাৰিওপিনে চঞ্চলভাৱে চায়। এনেতে এদিন এজনা অতিথি আহি আমাৰ ঘৰত উপস্থিত হল। তেওঁ ককাইদেৱৰ সমপাঠী, ককাইদেৱৰ বন্ধু। গতিকে শুশ্ৰুষাৰ ভাৰ মোৰ ওপৰত পৰিল, বিশেষ ঘৰত ময়ে অকল তিৰোতা।