পৃষ্ঠা:গল্পাঞ্জলি.pdf/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
গল্পাঞ্জলি

পোন্ধৰ বা ষোল ৰছৰমান হে; দুখে-কষ্টে বয়সৰ ভাগৰ মাৰি দিছিল। প্ৰথমতে দেখোঁতেই তেওঁৰ ৰূপে যে এদিন পূৰ্ণিমাৰ জোনকে লাজত পেলাব পাৰিছিল তাক বুজিব পাৰি; এতিয়া দেহটি ক্ষীণ, চুলিবোৰ বগা; দাঁতৰ পাৰিত দাঁত নাই বুলিলেও হয়; মুঠতে বৰ হালুক অৱস্থা। যদিও এনে ধৰণৰ তিৰোতাজনীক চকুৱে বুঢ়ীত বাজে আন অখ্যান দিব নোখোজে, তথাপি ভাগ্যবানৰ ঘৰৰ নাইবা পশ্চিম দেশৰ হলে যি তিৰোতাক যুবতী হে বোলা উচিত, তাক যমে-লাই-পোৱা এনে কচুৱা নাম দিবলৈ ইচ্ছা নজন্মিল; সেই কাৰণে, তেওঁৰ নাম ধৰিয়েই কওঁ— তেওঁৰ নাম মালতী।

(২)

 মোক তেওঁৰ ঘৰত অতিথি হোৱা দেখি মালতীৰ খকো-মকো এখন লাগি পৰিল। বহিবলৈ দিবলৈ একো নাই; ইপোনে তেওঁৰ কানি কাপোৰ যি আছিল সকলো তিতি যায়। মই নিজে এচলা পাট টানি আনি বহিলোঁ, আৰু তেওঁক বয়-বস্তুবোৰ চাবলৈ কলোঁ। অলপ পাছতে বৰষুণ এৰিলে। কান্দনৰ পাছত লৰাৰ মুখৰ হাঁহিৰ নিচিনা, সূৰ্য্যৰ কিৰণে গছৰ আগ জিক্‌মিকাই দিলে। কেতিয়াবাৰপৰা মালতীক দুটা বা এটা কথা সুধিম বুলি ভাবিছিলোঁ; এতিয়া অলপ আজৰি পাই সুধিলোঁ। মালতীয়ে যি কলে তাক তেওঁৰ কথাত কোৱা টান, মোৰ নিজা কথাতে কওঁ।