পৃষ্ঠা:গল্পাঞ্জলি.pdf/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পখী

 আদি দৰশনৰে পৰা মই জগতৰ সৌন্দৰ্যত মোহ গলোঁ। যেতিয়া পূব পিনে ভঙা ভঙা মেঘৰ ভিতৰেদি ৰঙা জেউতিয়ে ভুমুকনি মাৰে, আৰু সেই ভুমুকনিৰ উদগণিতে পখীয়ে সুমধুৰ সুৰেৰে গীত ধৰে, তেতিয়া দেখোঁ জগত সৌন্দৰ্যেৰে ভৰপূৰ; সৌন্দৰ্য্যতে পৰাণ নাচি উঠে। যেতিয়া সন্ধিয়া আলসত ভাহি জোনটিয়ে নিজনি পানীত নিজৰ ছবিটি চাই নিজে অধীৰ হয়, আৰু তৰাবোৰে স্বৰ্গব দুৱাৰেদি তেওঁক চাই থাকে, তেতিয়াও দেখোঁ সৌন্দৰ্য্যৰে জগত ভৰপূৰ; সৌন্দৰ্য্যত পৰাণ মতলীয়া হয়। যেতিয়া বহল শ্যামবৰণীয়া আকাশৰ গম্ভীৰ সৌন্দৰ্য্য বিয়পি পৰে আৰু সেই সৌন্দৰ্য্যৰ আভাস পাই মুকলিমূৰীয়া পখীবোৰে আকাশত নানাভাৱে উৰি ফুৰে, তেতিয়া দেখোঁ সৌন্দৰ্যেৰে জগত ভৰপূব, জগত সৌন্দৰ্য্যময়। অনন্তৰ পিনে উৰি-ফুৰা এই পখীবোৰে মোক মুগ্ধ কৰিব পাৰে; অনন্ত আকাশৰ তলত সিহঁতৰ অনন্ত উদ্দেশি গান শুনি মোৰ বৰ ভাল লাগে। সদায় তেনে গীত শুনিবলৈ পাম, এই আশাৰে এটি পখী পুহিবলৈ বৰ মন গল। এটি সুন্দৰ সোণৰ সজা কৰালোঁ। পখীৰ লাগতিয়াল সকলো বস্তু তাত বৰ শুৱলাভাৱে সজালোঁ। নিতৌ নীল আকাশৰ তলত বনৰ ওচৰত বহি বহি পখীক মাতোঁ, “পখি! মোৰ মৰমৰ পখি! তোমালৈ এই সোণৰ