পৃষ্ঠা:গল্পাঞ্জলি.pdf/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
সুভা

নেলাগে। আপুনি যি প্ৰকাৰেই হক হাকিমক বুজাই দিব যে তেওঁ আহিলে আমি ভাল নেপাওঁ।

 কেঃ-এইবোৰ কি মায়াহে তোমাৰ? তেনে কথা কিয় কোৱা?

 ঘৈঃ-মোৰ কথামতেনো আপুনি এটা কামো নকৰে নে? মই কৈছোঁ বুলিয়েই কব।

 কেঃ—তোমাক হলে তেতিয়া বৰ ভাল বুলিব নহয়?

 ঘৈঃ—তেওঁ বেয়া বোলাটো বাৰু থৈ দিয়ক, কওকচোন আপুনি কব নে নকয়? নেমাতি থাকিল দেখোন? মোৰে শপত কব।

 শেহৰ কথা আষাৰ যেন কান্দোনৰ সুৰত বাজি আহিল, আৰু তেওঁ একেচাবে উঠি গৈ ঘৰৰ পিৰালিত ফেকুৰিবলৈ ধৰিলে। কেৰানীয়ে “ও আই, এইটোও কিবা দায় লগা কথা হল নে? আহাঁ সুভা! আহা! কম বাৰু, তুমি নেকান্দিবা।” এই বুলি ঘৈণীয়েকক হাতত ধৰি ভিতৰলৈ লৈ আহিল।

____