পৃষ্ঠা:গল্পাঞ্জলি.pdf/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
ঘুনুচা

আছে। ঘুনুচাই মূৰে কপালে হাত দি নিজৰ কপালকে সকলো দোষৰ ভাগী কৰি উলটি আহিল।

( ৫ )

 মণিৰামৰ বেমাৰ দিনক দিনে বেচি হৈ গৈছে; ইফালে ঘুনুচাৰো খাব-লবলৈ নাপাই শৰীৰ দিনক দিনে ক্ষীণাই আহিল। এনেতে এদিন নৈৰপৰা গা ধুই আহোঁতে, তেওঁলোকৰ কুল-গুৰুক গা ধুই অহা দেখা পালে। ঘুনুচাই তেওঁৰ দুৰ্ভাগ্যৰ সময়ৰপৰা গুৰুৰ লগ পোৱা নাছিল; আজি দেখা পাই কিবা উপায় পাব বুলি তেওঁৰ চৰণত দীঘল দি পৰিল। প্ৰথমতে গুৰুদেৱে ‘ব্যভিচাৰিণীক” দেখি ৰাম-বিষ্ণু স্মৰণ কৰি কাষ কাটি যাব খুজিছিল, কিন্তু ঘুনুচাৰ কাবৌ-কাকূতিত অলপ থিয় দিলে। ঘুনুচাই দুখৰ কাহিনী কলত, গুৰুদেৱে তেওঁৰ দুশ্চৰিত্ৰ আৰু সেই পাপৰ প্ৰতিফল সম্পৰ্কে এটি দীঘল বক্তৃতা শুনাই দিলে। ঘুনুচাই লাজ-অপমানৰ ওপৰত অপত্য-স্নেহকে আসন দি সকলো সহি থাকিল। পাচত উপায় স্বৰূপে গুৰুৱে কলে যে, দেৱ-দ্বিজ–ভক্তিত বাজে সংসাৰত কি আছে? “হৰিনামে কৰে সবাকো সুসঙ্গ,”—সংসাৰত হৰি-ভক্তি গুৰু-বামুণৰ প্ৰতি শ্ৰদ্ধায়ে হৈছে আচল বস্তু। সেয়ে হলে সংসাৰৰ ৰোগ-শোক, পাপ-তাপে আৰু কি কৰিব পাৰে? ঘুনুচাই নাম-কীৰ্ত্তন পাঠ-স্বস্ত্যয়ন কৰক; গুৰু-ভকতক ভক্তি কৰক, তেনেহলে মণিৰাম দুদিনতে ভাল হব। সৰল ঘূনুচাই গুৰু-বাক্যকে সাৰোগত কৰি লৈ দেৱতা-