পৃষ্ঠা:গল্পাঞ্জলি.pdf/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৯
ঘুনুচা

অভাৱত, সেই জ্বৰ নাড়ীত বহি জীৰ্ণজ্বৰ হল। ইফালে খাবৰ যোগাৰ ঘৰত নাই; ঘুনুচাই এমুঠি খুজি নানিলেও নহয়। যেতিয়া খুজিবলৈ ঘুনুচা বাহিৰলৈ যায়, তেতিয়া মণিৰামে গাঁৱৰ আন আন লৰাৰ লগ লাগি আম, কাঠাল, তিয়ঁহ প্ৰভৃতি কুপথ্যৰ শ্ৰাদ্ধ কৰে। কাজে কাজেই সেই জীৰ্ণ জ্বৰ, কলা-জ্বৰত পৰিণত হল৷ পেটত প্লীহা-যকৃতে দেখা দিলে। দিনে দিনে পেট ওলাই, হাত-ভৰি ডিঙি চিচা হৈ আৰু চকু গাঁতত বহি যাবলৈ ধৰিলে। বেয়া বস্তু খাবৰ ইচ্ছা হল; শৰীৰৰ বৰণ ক’লা হল। সংক্ষেপতে কলাজ্বৰৰ সকলো লক্ষণে দেখা দিলে। দেখোঁতে দেখোঁতে মণিৰাম নদন বদন লৰাটি গুচি পিশাচৰ নিচিনা অতি ভয়ঙ্কৰ আকৃতিৰ হৈ পৰিল। পুতেকৰ এনে ভয়ানক অৱস্থা দেখি ঘুনুচাৰ ধাতু উৰিল। আগৰ দিনৰ পাটৰ ৰিহা-মেখলা দুজোৰ মান আৰু স্বামীৰ প্ৰথমসন্মিলনত পোৱা সোণৰ আঙঠি এটি আছিল। স্বামীৰ সোঁৱৰণী বুলি এই বস্তুখিনি ঘুনুচাই প্ৰাণান্তিকেও ৰাখিছিল। কিন্তু এতিয়া সকলো ফালে নিৰুপায় হৈ ওচৰৰ কবিৰাজ এটিক সোপাই সমৰ্পণ কৰি চিকিৎসা কৰিবলৈ খাটিলে। এমাহমান ঔষধ-পাতি খুৱাই কবিৰাজ ডাঙৰীয়াৰ বেচ আৰু বেজালি দুয়ো সাঙ্গ হল। তেওঁ এদিন আহে, এদিন নাহে, এনেকৈ আৰু দহ দিনমান থাকি, এদিনাখন ঘুনুচা তেওঁৰ ওচৰলৈ যাওঁতে কৈ পঠিয়ালে যে, ঘু্নুচাৰ আঙঠি এটিৰ বানচত তেওঁ কিমান দিন দৰব দিব; তাৰ মূল উঠি গৈছে; নতুন ঔষধ খুৱাব লাগিলে নতুন বেচ লাগিব। কবিৰাজৰ ভাব আছিল, ধনীৰ ঘৈণীয়েক ঘুনুচাৰ আৰু কিবা