পৃষ্ঠা:গল্পাঞ্জলি.pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ঘুনুচা

( ১ )

 বাৰিষাৰ দিন। মনে মনে সূৰ্য্যদেৱে কেতিয়া বুৰ মাৰিলে ভালকৈ কোনোৱে কবই নোৱাৰিলে! কেন্‌কেনীয়া বৰষুণ পৰিছে—ঝাপ্ ঝাপ্ ঝুপ্ ঝুপ্। বাটৰ কাষৰ সৰু সৰু বন আৰু গছৰ জোপবোৰত শব্দ হৈছে—ঝাপ্ ঝাপ্ ঝুপ্ ঝুপ্। আকাশ মেঘেৰে ঢাকা, তলত ভিজা মাটি, মাজে মাজে বা পানী, মাজে মাজে বা বোকা। নৈৰ ওচৰৰ সৰু বাটটিয়েদি এজনী তিৰোতা যাব লাগিছে৷ মূৰত আঁচলৰ এক লোচ দি বৰষুণৰ বিৰুদ্ধে যুদ্ধত সাজু হৈছিল; কিন্তু বৃষ্টি-দেৱতাই তিৰোতাজনীৰ এনে ধৃষ্টতা দেখি অত্যন্ত কুপিত হৈ তেওঁৰ গোটেই কাপোৰ-কানি তিয়াই পেলাইছে। খোজ দিছে খৰকৈ, যেন কোনো বিশেষ কাজ আছে। প্ৰথম দেখাত এওঁক ৩০/৩৫ বছৰীয়া যেন দেখি, কিন্তু অলপ ভালকৈ চালে বুজিব পাৰি মানুহজনীৰ বয়স ২৫/২৬ৰ ভিতৰতে; হয়তো কিবা কষ্ট বা বেমাৰত এনে অৱস্থা পাইছে। দেখাত যে বৰ ধুনীয়া এনে নহয়, কিন্তু ভাল অৱস্থাত থাকিলে মুনিজন-মনো-মোহিনী নহওক, বিশেষণ-বিহীন-সুন্দৰী আখ্যাৰ উপযোগ্যা। নদীৰ পাৰে পাৰে গৈ তেওঁ এটি সৰু খেৰৰ ঘৰ পালে; নৈৰ ওচৰতে, চাৰিওফালে বাৰীৰ নিচিনা অলপ হাবি-বন। খাবনোপোৱা মানুহৰ হাতৰ নিচিনা, ঘৰটিৰ ছালৰ কামিবোৰ ওলাইছে৷ লেপিদিয়া বটাৰ বেৰবোৰৰ তলৰ ভাগটি মাটিয়ে