পৃষ্ঠা:গল্পাঞ্জলি.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৩
তাৰা

নো মোক ভাবে নে নাভাবে জানিব পাৰিলে! যাক মই দিন ৰাতি নোবাৱাকৈ অবিৰত ভাবিছোঁ, যাৰ সোঁৱৰণি মোৰ সাৰ সম্পত্তি, সেই তাৰাই নো মোক নাভাবে নে? নাভাবে বুলি ভবাটোতে যেন গোপালৰ হিয়া ফাটি যায়, জীৱন অৱলম্বনহীন হৈ পৰে! সেই স্বৰ্গীয় বুকুৰ ভিতৰত থাকিব পাৰিলে, সংসাৰৰ পাপ তাপ শোক মোহ সকলোৱে মোক ডুবাই ৰাখক, অনন্ত কাল ভীষণ নৰকত পৰি থাকোঁ সিও ভাল, সিও সুখ−বৰ সুখ! সকলোতকৈ তাৰাৰ ভাবনা হোৱা, তেওঁৰ বুকুৰ ভিতৰত আসন লোৱা মোৰ অনন্ত সুখ অপাৰ আনন্দ! গোপালে ভাবিলে তাৰাক এবাৰ চাম।

 পূৰ্ণিমাৰ জোনৰ অমৃতময় কিৰণ পাব বুলি চকোৰে আকাঙ্ক্ষাপূৰ্ণ চকুৰে চাই আছিল; জোনৰ সুধা-সনা কিৰণৰ সলনি বিজুলীৰ চকমকনি আহি চকোৰক পুৰি পেলালে! তৃষ্ণাতুৰ চকোত পাখীটিয়ে “ফটিকজল ফটিকজল” বুলি মেঘৰ ফালে চাই আছিল; শীতল জলে পিয়াহ গুচোৱাৰ সলনি প্ৰখৰ তাপে সেই পিয়াহ বেচি কৰি দিলে। ই জোনৰ ইচ্ছা নহয়; মেঘৰ ইচ্ছা নহয়; চকোৰৰো নহয়; কেৱল বিধাতাৰ ইচ্ছা, সকলোৱে নিয়ন্তাৰ ইচ্ছা। বিধাতাৰ ইচ্ছাক্ৰমে গোপালৰ এই ইচ্ছাও পূৰ নহল। তাৰা এতিয়া আনৰ; তেওঁক চাবলৈ গোপালৰ কোনো স্বত্ব নাই। যাক এনিমিষো চকুৰ আঁতৰ হব নিদিব বুলি ভাবিছিল, যাৰ লগত অলপমানো অমিল হব বুলি ডিঙিৰ