পৃষ্ঠা:গল্পাঞ্জলি.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
গল্পাঞ্জলি

হাঁহিয়ে যি কথা নিমিষত হল,দুদিন কলেও তাৰ ওৰ নপৰে৷ নবীনে কলে “পাৰ্ব্বতীৰ জ্বৰ!” “পাৰ্ব্বতী! এইটো জানো পাৰ্ব্বতীৰ ঘৰ!" ধৰণী আচৰিত হল! নবীনো আচৰিত হল, একে ঠাইতে থাকি ইমান দিন এওঁলোকে খবৰ নাপায়!

 পাৰ্ব্বতীৰ গিৰিয়েকক ধৰণীৰ চিনাকী কৰি দি নবীনে ধৰণীক ভিতৰলৈ লৈ গল৷ যি সৌন্দৰ্য্য দেখি ধৰণী ডেকা বয়সত এদিন মোহ গৈছিল, সেই সৌন্দৰ্য্য অস্থি-কঙ্কাল-সাৰ হৈ পৰি আছে৷ দেখি ধৰণীৰ চকু চলচলীয়া হৈ উঠিল৷ পাৰ্ব্বতীয়ে দাদাকক আঙুলিৰ ইঙ্গিতেৰে মাতি নি মুখ লৰাই সুধিলে,“কোন?” নবীনে ভঙ্গা মাতেৰে “ধৰণী, আইটি৷ ধৰণী” বুলি কোৱাত ধৰণীও বিছনাৰ ওচৰলৈ গল৷ পাৰ্ব্বতীৰো চকুৰ লো বৈ গল৷ সেইদিনা ৰাতি বহুতলৈ বহি থাকি, পাচদিনা পুৱাই আহিব বুলি কৈ ধৰণী উঠিল৷

 ধৰণীয়ে পাচদিনা পুৱাই আহিয়েই নবীনক দেখা পালে, নবীনৰ মুখ মলিন; চকুত পানী৷ নবীনে ধৰণীক সাৱট মাৰি ধৰিলে৷ দুয়ো বন্ধুৱে আকৌ আগৰ নিচিনা গলাগলি কৰি, আগেয়ে এদিন যেনেকৈ হাঁহিছিল আজি তেনেকৈ কান্দিলে৷ বুঢ়া সংসাৰ আগৰ দৰেই লাখুটিত ভৰ দি বুঢ়া ভাৱেই চলি থাকিল৷ দিনৰ পোহৰ বা ৰাতিৰ আন্ধাৰৰপৰা তাৰ একো সুবিধা বা অসুবিধা নহল৷

————